Breaking

অসম নাট্য সন্মিলন হাজো শাখাৰ সৌজ্যনত বিষ্ণুপ্ৰসাদ ৰাভা দিৱস পালন…

0 98

কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত ভি.পি কৈৱৰ্তটোলা প্ৰাথমিক বিদ্যালয়ত অসম নাট্য সন্মিলন হাজো শাখাৰ সৌজ্যনত আৰু ভি.পি কৈৱৰ্তটোলা প্ৰাথমিক বিদ্যালয়ৰ সহযোগত দিনযোৰা কাৰ্যসূচীৰে বিষ্ণুপ্ৰসাদ ৰাভা দিৱস পালন কৰা হ’য়। সেই অনুসৰি পুৱা পতাকা উত্তোলন কৰে অসম নাট্য সন্মিলন হাজো শাখাৰ সভাপতি বাবুল মজুমদাৰে,বিষ্ণুৰাভাৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পন কৰে ভি.পি কৈৱৰ্তটোলা প্ৰাথমিক বিদ্যালয়ৰ সহ শিক্ষক দিলীপ দাসে,বন্তি প্ৰজ্বলন কৰে অসম নাট্য সন্মিলন হাজো শাখাৰ কাৰ্যকৰী সভাপতি শংকৰ দাসে। ইয়াৰ পিছতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত,নৃত্য,কবিতা আবৃত্তি প্ৰদৰ্শন কৰা হ’য়।

সমান্তৰালভাৱে মুকলি সভা অনুষ্ঠিত হ’য়।সভাৰ সভাপতিত্ব কৰে হাজো শাখাৰ সভাপতি বাবুল মজুমদাৰে।সভাৰ উদ্দেশ্য বাখ্যা কৰে অসম নাট্য সন্মিলন হাজো শাখাৰ সম্পাদক কিচিন দাসে। সভাৰ উদ্ধোধন কৰে দৈনন্দিন বাৰ্তা কাকতৰ সাংবাদিক অনামিকা কলিতাই।সভাত মূখ্য অতিথি পঞ্চতীৰ্থ পৰিচালনা সমিতিৰ সভাপতি শিৱপ্ৰসাদ শৰ্মা দলৈ,নিৰ্দিষ্ট বক্তা সুৰেন দাস মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপিকা ড° বিনীতা দাস,বিশিষ্ট সমাজসেৱক ভৱেশ দাস,অসম নাট্য সন্মিলন হাজো শাখাৰ প্ৰচাৰ সম্পাদক বিবেকানন্দ দাস,দ্বীজেন ভৰালীকে আদি কৰি বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰী ,ছাত্ৰ ছাত্ৰীবৃন্দ উপস্থিত থাকি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ আদৰ্শৰাজিক সোঁৱৰন কৰি শ্ৰদ্ধা নিবেদন কৰা পৰিলক্ষিত হৈছে।

Leave A Reply