Breaking

অসম আৰক্ষীয়ে কাৰ্বি আংলং জিলাত দুজন ড্ৰাগছ বেপাৰীক গ্ৰেপ্তাৰ কৰি ১৬ কোটি টকাৰ হেৰ’ইন জব্দ কৰে…

0 50

অসম আৰক্ষীয়ে দেওবাৰে কাৰ্বি আংলং জিলাত দুজন ড্ৰাগছ বেপাৰীক গ্ৰেপ্তাৰ কৰি ১৬ কোটি টকাৰ হেৰ’ইন জব্দ কৰে। এটা নিৰ্দিষ্ট ইনপুটৰ ওপৰত কাম কৰি অসম আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ)য়ে দিলাই তিনিআলি অঞ্চলত যৌথ নাকা স্থাপন কৰি ২৮৬ পেকেট চাবোনৰ কেচ কঢ়িয়াই অনা এখন বাহনৰ পৰা ১৬ কোটি টকাৰ ৩.৫ কেজি হেৰ’ইন জব্দ কৰে।

বৰপেটাৰ অভিযুক্ত গোলাপ খাণ্ডকাৰ (২৯) আৰু সাহানুৰ মিৰ (২১) বুলি জানিব পৰা গৈছে। বোকাজানৰ মহকুমা আৰক্ষী বিষয়া জন দাসে জনোৱা মতে, এ এছ-০১ এম চি-৪৯৯৬ নম্বৰৰ পঞ্জীয়ন নম্বৰ থকা এখন চাৰিচকীয়া বাহন আটক কৰি গাড়ীখনৰ পুংখানুপুংখ তালাচী চলাই ৩.৫ কেজি হেৰ’ইন থকা ২৮৬ পেকেট চাবোনৰ কেচ উদ্ধাৰ কৰা হয় ।

জন দাসে কয় যে আমি এই সন্দৰ্ভত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছো।জব্দ হোৱা ড্ৰাগছৰ বজাৰ মূল্য প্ৰায় ১৬-১৭ কোটি টকা। বিষয়টোৰ তদন্ত অব্যাহত আছে। ইয়াৰ পূৰ্বে শনিবাৰে ডিমা হাছাওত অসম আৰক্ষীয়ে এখন গাড়ী আটক কৰি জাটিংগা অঞ্চলৰ সমীপৰ পৰা দুজন ড্ৰাগছ বেপাৰী আৰু আন এজন লোকক আটক কৰি সৰু সৰু প্লাষ্টিকৰ পাত্ৰত লুকুৱাই ৰখা ২০ গ্ৰাম ওজনৰ ৪২ টা (নাৰ্কটিক কেপচুল) উদ্ধাৰ কৰে বুলি ডিমা হাছাওৰ ডি এছ পিয়ে জানিবলৈ দিয়ে ইয়াৰ লগত বহু লোকো জড়িত হৈ আছে।

Leave A Reply