Breaking

অসম আৰক্ষীৰ কনিষ্টবলৰ লিখিত পৰীক্ষাত অনিয়মৰ অভিযোগ

0 1,092

অসম আৰক্ষীৰ কনিষ্টবল পদৰ ২০১৮- ১৯ বৰ্ষত ৬৬৬২ টা পদৰ নিযুক্তিৰ বাবে লিখিত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা বঙাইগাঁও জিলাৰ যোগীঘোপাৰ একাংশ নিবনুৱা যুৱক বঞ্চিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । যোগীঘোপাৰ একাংশ নিবনুৱা যুৱকে লিখিত পৰীক্ষাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপিত কৰি ক্ষোভিত হৈ এতিয়া প্ৰতিবাদ কৰিবলৈ বাধ্য হৈ পৰিছে । উল্লেখ্য যে, প্ৰকাশিত বিজ্ঞাপনৰ মতে শাৰীৰিক পৰীক্ষাৰ ফলাফল অনুসৰি বিভাগটোৰ একোটা পদৰ বিপৰীতে পাঁচজনকৈ প্ৰাৰ্থীক লিখিত পৰীক্ষাত বহিবলৈ ঘোষণা কৰা হৈছিল। কিন্তু বঙাইগাঁও জিলাত এটা পদৰ বিপৰীতে মাত্ৰ দুজনকৈ প্ৰাৰ্থীকহে লিখিত পৰীক্ষাৰত সুযোগ দিয়া বুলি ক্ষোভিত যুৱক সকলে জানিব’লৈ দিয়ে ।

শাৰীৰিক পৰীক্ষাৰ কাট অৱ মাৰ্কৰ ক্ষেত্ৰতটো অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াত জিলাখনত এনে বৈষম্যৰ বাবে ক্ষোভিত হৈ পৰিছে চাকৰি প্ৰত্যাশী নিবনুৱা যুৱকসকলে । গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম আৰক্ষী সঞ্চালক প্ৰধানগৰাকীলৈ উচিত ন্যায় বিচাৰি কাতৰ আহ্বান জনাইছে চাকৰি প্ৰত্যাশী ভূক্তভোগী নিবনুৱা যুৱক সকলে ।

Leave A Reply