Breaking

নাজিৰাত আৰক্ষীৰ তালিবানি কাৰ্য !

0 32


নিশা পথচাৰী ছাত্ৰক উঠাই আনি নিৰ্মম অত্যাচাৰ । গাওঁৰক্ষী বাহিনীৰ সম্পাদক সহ নিৰিহ ব্যক্তিক প্ৰহাৰ কৰাত উত্তপ্ত পৰিস্থিতি। প্ৰতিবাদত ৰাইজৰ পথ অৱৰোধ । দিলীপ হাজৰিকা : নাজিৰা : ৫ নৱেম্বৰ :- মূখ্যমন্ত্ৰীৰ স্মাৰ্ট পুলিচৰ কৰ্মকাণ্ডই নাজিৰাত চকু কপালত তুলিছে সচেতন মহলৰ। পোহৰৰ উৎসৱ দীপাৱলীৰ আলম লৈ নাজিৰাত অলিয়ে গলিয়ে গঢ় লৈ উঠিছে অবাধ জুৱা। মুকলিকৈ চলি থকা জুৱাৰ আড্ডা সমূহ বন্ধ কৰিব নোৱাৰা নাজিৰা আদৰ্শ  আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নিৰ্দেশত সহ উপ পৰিদৰ্শক মুক্তাৱ আলিৰ নেৰ্তৃত্বত এক আৰক্ষীৰ দল  যোৱা  নিশা প্ৰায় ৭ – ৩০ বজাত নাজিৰাৰ মেকিপুৰ অঞ্চলত আকস্মিকভাৱে উপস্থিত হয়গৈ জুৱাৰ আড্ডা বিচাৰি। পিছে আৰক্ষী অহাৰ উমান পাই জুৱাৰী পলাই পত্ৰং দিয়াত নিজৰ ব্যৰ্থতা ঢাকিবলৈ নাজিৰা আৰক্ষীয়ে অঞ্চলটোৰ পৰা  গড়গাঁও মহাবিদ্যালয়ৰ তৃতীয় সন্মাষিকৰ হিমাংশু লোহাৰ নামৰ  ছাত্ৰজনক উঠাই লৈ আহে থানালৈ।  নিশাই নিৰপৰাধী ছাত্ৰ জনক থানাৰ পৰা মুকলি কৰি নিবলৈ বুলি অহা নাজিৰা চাহ মজদুৰ সংঘৰ সম্পাদক দেৱেন ৰবিদাস, মেকিপুৰ গাওঁৰক্ষী বাহিনীৰ সম্পাদক গণেশ চিক আৰু এজন স্থানীয় লোকৰ ওপৰত বীৰত্ব দেখুৱাই নাজিৰা আৰক্ষীয়ে। আৰক্ষীয়ে ছাত্র জনক ৰাতি মুকলি কৰি দিয়া নহ’ব বুলি কোৱাত উক্ত তিনিওজনৰ লগত অহা ৰাইজ উভতি গৈ গাড়ীৰ বাবে থানাৰ সন্মুখৰ পথৰ কাষত ৰৈ থকা অৱস্থাত সহ উপ পৰিদৰ্শক মুক্তাৱ আলীয়ে ৰাইজৰ ওপৰত লাঠি চালনা কৰাত কেইবাজনো আহত হোৱাৰ উপৰি  আৰক্ষীৰ প্ৰহাৰত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হ’ব লগাত পৰে গাঁওৰক্ষী বাহিনীৰ সম্পাদক জন। আৰক্ষী বিষয়াজনৰ এনে তালিবানি কাৰ্যৰ বিৰুদ্ধে আজি নাজিৰাৰ মেকিপুৰত শ শ পুৰুষ – মহিলা , ছাত্র – ছাত্ৰী সহ ৰাইজে পথ অৱৰোধ কৰি নাজিৰা আদৰ্শ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সহ সহকাৰী উপ পৰিদৰ্শক মুক্তাৱ আলীক শাস্তিমুলক বদলিৰ দাবী জনাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । নাজিৰা মহকুমা প্ৰশাসনৰ  দণ্ডাধীশ প্ৰীতম গগৈ আৰু নাজিৰাৰ মহকুমা আৰক্ষী বিষয়া প্ৰদীপ কোঁৱৰৰ হস্তক্ষেপত নিৰপৰাধী ছাত্ৰজনক মুকলি কৰি দিয়াত পৰিস্থিতি নিয়ন্ত্ৰণ হয়। ইফালে ঘটনাৰ তদন্ত বিচাৰি নাজিৰাৰ বিধায়ক  তথা অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই জিলা উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছে।

Leave A Reply