Breaking

চাবুৱা চুনিচুক গাঁৱৰ খেল পথাৰত অসম আৰক্ষীৰ ডিব্ৰুগড় জিলাৰ আন্তঃআৰক্ষী থানা ফুটবল টুনাৰ্মেণ্ট

0 611

অসম আৰক্ষীৰ ডিব্ৰুগড় জিলাৰ আন্তঃআৰক্ষী থানা ফুটবল টুনাৰ্মেণ্ট চাবুৱা চুঙিচুক গাঁৱৰ খেল পথাৰত অনুষ্ঠিত হৈ যায়। আন্তঃআৰক্ষী থানা ফুটবল টনাৰ্মেণ্টৰ লীগ খেলখনি চাবুৱা আৰক্ষী থানা দল আৰু টেঙাখাট আৰক্ষী থানা ফুটবল দলৰ মাজত অনুষ্ঠিত হয়। খেলখনিৰ দ্বিতীয়াৰ্ধত চাবুৱা আৰক্ষী থানা ফুটবল দলে টেঙাখাট আৰক্ষী থানা ফুটবল দলক ৪:০ গলত পৰাস্ত কৰে ।

উক্ত খেলৰ অনুষ্ঠানত চাবুৱা আৰক্ষী চক্ৰ পৰিদৰ্শক , চাবুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপাংকৰ গগৈ টেঙাখাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ চাবুৱাৰ ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকল আৰু বিভিন্ন ক্ষেত্ৰৰ ব্যক্তি সকল উপস্থিত থাকে।

Leave A Reply