Breaking

এছিয়ান খো খো চেম্পিয়নশ্বিপলৈ সাজু অসম; গুৱাহাটী পালেহি ইৰাণ, মালয়েছিয়া, দক্ষিণ কোৰিয়াৰ দল

0 57

অসম খো-খো সন্থাই ৰাজ্যত প্ৰথমবাৰৰ বাবে ৰাজ্যত আয়োজন কৰিব লগা আন্তর্জাতিক প্রতিযোগিতা চতুর্থ এছিয়ান খো খো চেম্পিয়নশ্বিপৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।

উল্লেখ্য যে প্রতিযোগিতাৰ স্থলী তামুলপুৰৰ খেলপথাৰত বিশ্ব মানদণ্ডৰ অস্থায়ী ইনড’ৰ ষ্টেডিয়াম নিৰ্মাণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

বি টি আৰৰ এলেকাত হ’বলগা আন্তর্জাতিক প্রতিযোগিতাখনক গৌৰৱৰ সুযোগ ৰূপে লৈছে অসম খো-খো সন্থাৰ অধ্যক্ষ তথা বি টি আৰৰ মুখ্য কাৰ্যবাহী প্রমোদ বড়োৱে।

উল্লেখ্য যে বড়ো আয়োজক কমিটীৰো সভাপতিৰ দায়িত্বত আছে। ইফালে, অহা ২০-২৩ মাৰ্চলৈ অনুষ্ঠিত হ’বলগা চেম্পিয়নশ্বিপত অংশ লোৱাৰ বাবে আজি আহি গুৱাহাটীত উপস্থিত হৈছে আৰু তিনিখন বিদেশী ৰাষ্ট্ৰৰ দল।

অসম খো খো সন্থাৰ সভাপতি তথা এছিয়ান খো খো চেম্পিয়নশ্বিপৰ আয়োজক কমিটীৰ সম্পাদক ৰাজীৱ প্ৰকাশ বৰুৱাই জনোৱা অনুসৰি আজি দিনত বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত অৱতৰণ কৰে ইৰাণ আৰু মালয়েছিয়াৰ দলে।

আনহাতে, নিশা গুৱাহাটীত উপস্থিত হয় দক্ষিণ কোৰিয়া দল। ইতিমধ্যে ভূটান আৰু নেপালৰ পুৰুষ-মহিলাৰ দলে এদিন পূর্বেই আহি অসমত উপস্থিত হৈছে। আয়োজক ভাৰতসহ ছটা দল অসম আহি পোৱাত স্বাভাৱিকতে প্রতিযোগিতাৰ আয়োজকৰ তৎপৰতা বৃদ্ধি পাইছে।

ইফালে, আজি চেম্পিয়নশ্বিপত খেলিব লগা ভাৰতীয় দল দুটা বাচনি কৰাৰ কথা আছিল যদিও সেয়া এদিন পিছুৱাই কাইলৈহে আনুষ্ঠানিক ঘোষণা কৰা হ’ব বুলি ভাৰতীয় খো খো ফেডাৰেছনে জানিবলৈ দিছে। উল্লেখ্য যে চাৰিদিনীয়া প্ৰতিযোগিতাখনত ১২ খন দেশৰ প্ৰায় আঠশ খেলুৱৈ আৰু বিষয়াই অংশগ্ৰহণ কৰিব। কাইলৈ বাকী থকা দলবোৰ গুৱাহাটী পাব বুলি অবগত কৰে সভাপতি বৰুৱাই।

Leave A Reply