Breaking

আছাম ৰাইজিং য়ুথ কনক্লেভ-২০২৪; মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া

0 137

‘আলোকপ্ৰভঞ্জন ৱেলফেয়াৰ ছচাইটি’ৰ উদ্যোগত আৰু ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ৰ সহযোগত নৱবৰ্ষৰ ৫ জানুৱাৰীত আয়োজন কৰা য়ুথ কনক্লেভ-২০২৩-২৪ আৰু বঁটা-সম্বৰ্ধনা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া। মঙলবাৰে আলোকপ্ৰভঞ্জন ৱেলফেয়াৰ ছ’চাইটীৰ মুখ্য উপদেষ্টা তীৰ্থাংক দাস কলিতা, দৈনন্দিন বাৰ্তা কাকতৰ সম্পাদক তথা স্বত্বাধিকাৰ শংকৰ গোহাঞি, দ্য আছাম ৰাইজিং কাকতৰ সম্পাদক ভূপেন ভট্টাচাৰ্য, মুখ্য পৰিচালন সম্পাদক দিগ্‌জ্যোতি লহকৰে ৰাজ্যপাল কাটাৰীয়াক সাক্ষাৎ কৰাৰ পিছত তেওঁ য়ুথ কনক্লেভত মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ বিষয়ে সন্মতি প্ৰকাশ কৰে।

উল্লেখ্য যে দিনজোৰা কাৰ্যসূচীৰে গুৱাহাটীৰ হোটেল ভিভান্টা তাজত ‘আজিৰ ছাত্ৰ, কাইলৈ দেশৰ সু-নাগৰিক’ আধাৰ কৰি যুৱ শক্তিক মূল বিষয় হিচাপে লৈ তিনিখন আলোচনা-চক্ৰৰ আয়োজন কৰা হৈছে।

এই আলোচনা চক্ৰ ক্ৰমে— ‘য়ুথ ৰোল ইন নেচনেল বিল্ডিং’, য়ুথ এণ্টাৰপ্ৰিনাৰ্ছ এণ্ড ছ’চিয়েল ৰেছপনচিবিলিটী অৱ কৰ্প’ৰেট ছেক্টৰ আৰু দ্যা মিন্‌ছ অৱ চাইল্ড মেৰেজ ইন আছাম।

সন্ধিয়া ৫.৩০ বজাত ‘দৈনন্দিন বাৰ্তা’ গোষ্ঠীৰ তৰফৰ পৰা ‘সম্বৰ্ধনা আৰু বঁটা’ প্ৰদানৰ লগতে ন-পুৰণি শিল্পীৰ সমাৰোহেৰে সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে।

Leave A Reply