Breaking

ঝাৰখণ্ডক পৰাস্ত কৰি বি চি মহান্তি ট্ৰফী জয় অসম দলৰ…

0 43

আই পি এলৰ পূৰ্বে আন্তঃৰাজ্যিক ক্ৰিকেটত শক্তি প্ৰদৰ্শন ৰিয়ান পৰাগৰ। ঝাৰখণ্ডক পৰাস্ত কৰি বি চি মহান্তি ট্ৰফী জয় অসম দলৰ। ফাইনেলত শতকৰ বাবে ‘প্লেয়াৰ অৱ দ্য মেচ’ৰ সন্মান ৰিয়ানলৈ। চলিত ছিজনৰ আই পি এলৰ পূৰ্বে স্বমহিমাৰে উজলি উঠিল ৰিয়ান পৰাগ । ৰিয়ান পৰাগৰ শতকেৰে ঝাৰখণ্ডক ৫৩ ৰাণত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে অনুষ্ঠিত বি চি মহান্তি সোঁৱৰণী টি- টুৱেন্টী টুৰ্ণামেণ্টৰ খিতাপ জয় কৰিছে অসমে। কটকৰ বাৰাৱতী ষ্টেডিয়ামত অনুষ্ঠিত শনিবাৰৰ ফাইনেলত প্ৰথমে বেটিং কৰাৰ আমন্ত্ৰণ লাভ কৰিলে অসমে । দলটোৱে নিৰ্ধাৰিত ২০ অভাৰত ৬ টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে ২১৯ ৰাণ ।

ৰিয়ান পৰাগে ৫৬ টা বলত ৯ টা ছিক্সাৰ, ১১ টা বাউণ্ডেৰীৰে ১১৯ আৰু পল্লৱ কুমাৰ দাসে ২৮ টা বলত ৫১ ৰাণ সংগ্ৰহ কৰে । ঝাৰখণ্ডৰ সুশান্ত মিশ্ৰ আৰু বিকাশ সিঙে দুটাকৈ উইকেট লাভ কৰে । ২২০ ৰাণৰ জয়ৰ লক্ষ্য আগত লৈ খেলি ঝাৰখণ্ডে আঠটা উইকেটৰ বিনিময়ত ১৬৬ ৰাণতে ইনিংছ সামৰে । বেটে- বলে উজ্জীৱিত প্ৰদৰ্শনৰ বাবে ৰিয়ানক ‘প্লেয়াৰ অৱ দ্য মেচ’ৰ ট্ৰফী প্ৰদান কৰা হয় । এয়া আছিল যিকোনো আন্তঃৰাজ্যিক ক্ৰিকেট টুৰ্ণামেণ্টত অসমৰ প্ৰথমটো খিতাপ জয়।

Leave A Reply