Breaking

সৰ্বভাৰতীয় ডাক বিভাগ টেবুল টেনিছত অসম দলৰ ৰূপৰ পদক লাভঃ ভাৰতীয় ডাক টি টি দলত কৌশিক ফুকন

0 35

অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়াত ২২ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ অনুষ্ঠিত ৩৯ সংখ্যক সৰ্বভাৰতীয় ডাক টেবুল টেনিছ প্ৰতিযোগিতাত অসমে বিশেষ সাফল্য অৰ্জন কৰিছে। ৰামাকোটাইয়া ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাত অসম দলৰ হৈ অংশগ্ৰহণ কৰে কৌশিক ফুকন, পৰশ প্ৰতিম বৰুৱা, অপ্ৰতিম গগৈ, ৰাধেশ্যাম চাহু আৰু প্ৰয়াস প্ৰতীম ভৰদ্বাজে।

দলীয় ইভেণ্টৰ গ্ৰুপ পৰ্যায়ত অসমে অন্ধ্ৰপ্ৰদেশক ৩-২, হাৰিয়ানাক ৩-০ ব্যৱধানত পৰাস্ত কৰে। কোৱাৰ্টাৰ ফাইনেলত অসমে ৰাজস্থানক ৩-১ ব্যৱধানত হৰুৱাই যদিও ছেমি ফাইনেলত ০-২ গেমত পিছ পৰি থকা সত্বেও অসমে গুজৰাটৰ বিৰুদ্ধে ৩-২ ব্যৱধানত কষ্টকৰ বিজয় অৰ্জন কৰে । ফাইনেলত অসম বংগৰ বিৰুদ্ধে ০-৩ ব্যৱধানত পৰাস্ত হৈ ৰূপৰ পদক লাভ কৰে।‌


একক ইভেণ্টত কৌশিক ফুকন, প্ৰয়াস প্ৰতীম ভৰদ্বাজ, অপ্ৰতিম গগৈ কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হয় আৰু কৌশিকে পঞ্চম স্থান দখল কৰি ভাৰতীয় ডাক টি টি দলৰ বাবে নিৰ্বাচিত হয়।


পুৰুষৰ ডাবলছত অপ্ৰতিম & প্ৰয়াসেৰে গঠিত অসম দলে ৰূপৰ পদক লাভ কৰে । তেওঁলোক বংগৰ প্ৰীতম বসু আৰু আকাশ নাথৰ বিৰুদ্ধে ০-৩ ব্যৱধানত পৰাস্ত হয় ।

ছত্তীশগড়ৰ প্ৰেমৰাজ ঝাচক আৰু প্ৰখৰ আগৰৱালৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত কৌশিক আৰু পৰশ ১-৩ ব্যৱধানত পৰাস্ত হয় । সামৰণি অনুষ্ঠানত উপস্থিত থাকি পুৰস্কাৰ বিতৰণ কৰে এন টি আৰ জিলাৰ উপায়ুক্ত আন্তঃৰাষ্ট্ৰীয় আৰ্চাৰ, অৰ্জুন বঁটা বিজয়ী ভেন্নাম জ্যোতি সুৰেখাই।

Leave A Reply