Breaking

বগাহাতীত পৰিণত অসম পৰ্যটন বিভাগ।অটব্য অৰণ্যই আগুৰি ধৰিছে ইতিহাস প্ৰসিদ্ধ জীৰ পইণ্ট ষ্টীল ৱেল পার্ক

0 2,018

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত১৯৪২ চনৰ প্ৰথম ভাগত জাপানী সেনা বাহিনীয়ে সাগৰীয় উপকূল অৱৰোধ কৰাৰ ফলত ব্ৰহ্মদেশ আৰু চীন দেশত যুদ্ধৰত মিত্ৰ বাহিনীৰ সৈন্য-সামন্তক ৰচদ পাতি যোগান ধৰাত দেখা দিয়া জটিল সমস্যাৰ সমাধানৰ উদ্দেশ্যে লেখাপানীৰ শূণ্য দূৰত্বৰ পৰা ব্ৰহ্মদেশৰ মাজেদি চীনৰ য়ুনান প্ৰদেশৰ কুনমিঙলৈকে ১৭৩৬ কিলোমিটাৰ এক দীঘলীয়া স্থলপথ নিৰ্মাণ কৰা হৈছিল। পথটোৰ নিৰ্মাণ কার্য আমেৰিকান জেনেৰেল যোচেফ ষ্টীলৱেলৰ তত্বাৱধানত অতি ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰি ১৯৪৫ চনৰ ১১ফেব্ৰুৱাৰীৰ দিনা এই ঠাইৰ পৰাই সন্মিলিত সামৰিক বাহিনীৰ এক বিশাল কনভয় চীন দেশৰ য়ুনান প্ৰদেশৰ কুনমিঙত প্ৰৱেশ কৰি জাপানী সৈন্যই চীন দেশৰ ওপৰত কৰি থোৱা সকলো অৱৰোধ মুকলি কৰি দিবলৈ সক্ষম হয়। পথটো নিৰ্মাণৰ বাবে জেনেৰেল যোচেফ ষ্টীল ৱেলে কৰা  ত্যাগৰ বাবেই পথটোৰ নাম ষ্টীল ৱেল পথ হিচাপে নামাকৰণ কৰা হয়। ভাৰত, ব্ৰহ্মদেশ আৰু চীন এই তিনিখন দেশৰ মাজেৰে দীঘলীয়া সৰ্পিল পথটো নিৰ্মাণত বিভিন্ন বাধা-বিঘিনি, প্ৰাকৃতিক দুৰ্যোগ, ভূমিস্খলন, শত্ৰু পক্ষৰ আক্ৰমণ, মেলেৰিয়া, কলাজ্বৰ আদিৰ দৰে সকলো প্ৰত্যাহ্বান নেওচি কৰ্মীসকলৰ যি ত্যাগ সেই ত্যাগ আৰু পথটোৰ নিৰ্মাণৰ আঁৰত থকা সকলো ইতিহাস প্ৰসিদ্ধ তথ্য লিপিবদ্ধ কৰি দেশী বিদেশী পৰ্যটকৰ সুবিধা হোৱাকৈ পথটোৰ শূন্য দূৰত্বত জিৰ পইণ্ট ষ্টীল ৱেল পার্ক নিৰ্মাণ কৰা হয়।১৯৯৮ চনত বিধায়ক প্ৰদ্যুত বৰদলৈয়ে দূৰদৰ্শীতাৰ পৰিচয় দি তেখেতৰ সমষ্টি উন্নয়ন পুঁজিৰ ধনেৰে উক্ত ষ্টীল ৱেল পথটো নিৰ্মাণৰ আঁৰত থকা ইতিহাস বিজড়িত তথ্য সমূহ সংগ্ৰহ কৰি দেশী বিদেশী পৰ্য্যটকৰ সুবিধা হোৱাকৈ এখন সুবিশাল মানচিত্ৰ সংলগ্ন কৰি জিৰ পইণ্ট ষ্টীল ৱেল পার্ক নিৰ্মাণ কৰে। এই পাৰ্কখন নিৰ্মাণৰ পাছতেই সকলো দেশী বিদেশী পৰ্য্যটকৰ লগতে স্কুল-কলেজৰ ছাত্ৰ ছাত্ৰী সকলো যথেষ্ট উপকৃত হোৱা দেখা গৈছিল।কিন্তু দুৰ্ভাগ্যজনক কথাটো হল বিগত দুই-তিনি বছৰ মানৰ পৰা এই পার্ক খনে মৃত্যুৰ দিশলৈ গতি কৰা পৰিলক্ষিত হৈছে।পার্ক খনৰ পৰিচৰ্যাৰ অভাৱত চৌদিশে হাবি জংঘলেৰে আগুৰি ধৰিছে।সন্মুখৰ দেৱাল সমূহ ভাঙি পৰিছে।তথ্য সমৃদ্ধ লিখনি সমূহ ভাঙি-ছিঙি শেষ হোৱাৰ উপক্ৰম ঘটিছে। অসম চৰকাৰৰ এক বিয়াগোম বিভাগ অসম পৰ্যটনৰ দায়িত্ব জ্ঞান হীন কৰ্মকাণ্ডই সচেতন মহলৰ মাজত তীব্র অসন্তুষ্টিয়ে দেখা দিছে।পার্ক খনৰ চোৱাচিতাৰ দায়িত্বত থকা কৰ্তৃপক্ষও সমানে জগৰীয়া বুলি অভিযোগ উত্থাপন হৈছে। এই ক্ষেত্ৰত বৰ্তমানৰ বিধায়ক ভাস্কৰ শৰ্মা দেৱক সকলো ধৰণৰ ৰাজনীতিৰ উৰ্দ্ধত থাকি ইতিহাস প্ৰসিদ্ধ পার্ক খনে যাতে পুনৰ জীৱন্ত ৰূপ পাই তাৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনাইছে স্থানীয় ৰাইজে।

Leave A Reply