Breaking

১৪ বছৰ অনুৰ্ধ্ব অসম মহিলা ফুটবল দলত লখিমপুৰৰ তনয়া বিৰিণাঃ অংশ ল’ব আন্তঃৰাজ্যিক ফুটবল খেলত… 

0 153

লখিমপুৰ জিলাৰ  ৰামপুৰৰ নিৱাসী তথা মিচিং স্বায়ত্তশাসিত পৰিষদৰ এ ই অশোক পেগু আৰু সুভদ্ৰা পেগুৰ সুযোগ্য তনয়া বিৰিণা পেগুৱে ১৪ বছৰ অনুৰ্ধ্বৰ অসম মহিলা ফুটবল দলত স্থান লাভ কৰিছে ৷ স্বাধীনতাৰ ৭৬ বছৰৰ পিছত অসম মহিলা ফুটবল দলত স্থান লাভ কৰা বিৰিণা পেগুৱে হৈছে একমাত্ৰ মিচিং ছোৱালী ৷ বিৰিণা পেগুৱে অতি কম বয়সৰ পৰাই ফুটবল খেলৰ প্ৰতি অনুৰাগ  আছিল ৷ এই অনুৰাগৰ ঘৰৰ ওচৰৰে ৰাজগড় বগীবিল খেলপথাৰত নিজাববীয়াকৈ অনুশীলন কৰিছিল ৷ পিছৰ পৰ্যায়ত ৰাজগড় বগীবিল ফুটবল এছ’চিয়েছনৰ অধীনত প্ৰশিক্ষক নৱৰত্ন দলেৰ তত্বাবধানত প্ৰশিক্ষণ লাভ কৰে ৷ ইয়াৰ পিছত তেজপুৰত অনুষ্ঠিত হোৱা ১৪ বছৰ অনুৰ্ধ্বৰ অসম মহিলা ফুটবল বাছনি শিবিৰত অংশগ্ৰহণ কৰে ৷

তেজপুৰত নিৰ্বাচিত হোৱাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ খেলপথাৰত পুনৰ বাছনি শিবিৰ অনুষ্ঠিত হয় ৷ উক্ত বাছনি শিবিৰৰ পৰাও নিৰ্বাচিত হৈ বিৰিণা পেগুৱে ৷ নলবাৰী জিলাৰ চামতাত মহিলা ফুটবল দলৰ চূড়ান্ত বাছনি প্ৰক্ৰিয়া অনুষ্ঠিত হয় ৷ চূড়ান্ত বাছনি শিবিৰটো বিৰিণা পেগু উৰ্ত্তীৰ্ণ হৈ ১৪ বছৰ অনুৰ্ধ্বৰ  অসম মহিলা দলত স্থান লাভ কৰে ৷ বিৰিণাই অসম ফুটবল দলৰ হৈ ৰাইট উইংগাৰ হিচাপে খেলিব ৷  বিৰিণা আৰু ১৪ বছৰ অনুৰ্ধ্বৰ অসম মহিলা ফুটবল দল ইতিমধ্যে পঞ্জাৱৰ অমৃসৰলৈ ৰাওনা হৈছে ৷ অমৃসৰতে অনুষ্ঠিত হ’ব সৰ্ব ভাৰতীয় আন্তঃৰাজ্যিক ১৪ বছৰ অনুৰ্ধ্বৰ মহিলা ফুটবল প্ৰতিযোগিতা ৷  উল্লেখনীয় যে ১৩ বছৰীয়া বিৰিণা বৰ্তমান লখিমপুৰ জিলাৰ বগীবিল ৰাজগড় হাইস্কুলত অধ্যয়ণ কৰিছে ৷ অধ্যয়নৰ সমান্তৰালভাৱে ফুটবলো খেলি যাব বিৰিণাই ৷ বিৰিণাই এই যাত্ৰাই মিচিং ছোৱালীসকলক ফুটবল খেলৰ প্ৰতি অধিক আকৰ্ষিত কৰিব বুলি আশা কৰা হৈছে ৷

Leave A Reply