Breaking

শিৱসাগৰত অসম ভাৰোত্তোলন সন্থাৰ বাচনি শিবিৰঃ প্ৰাক্তন ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় ভাৰোত্তোলকক সম্বৰ্দ্ধনা

0 191

সৰুপথাৰত অনুষ্ঠিত হ’ব লগা ৫১ সংখ্যক সদৌ অসম ভাৰোত্তোলন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবলৈ শিৱসাগৰ ৱেইটলিফটিং একাডেমিৰ দলটো দেওবাৰে নিৰ্বাচন কৰা হয় ৷ খনামুখ কৃষ্টি কলা কেন্দ্ৰত খনামুখ সেউজী যুৱক সংঘৰ উদ্যোগত ৱেইটলিফটিং একাডেমিৰ চিলেকশ্যন ট্ৰায়েলত অংশ গ্ৰহণ কৰে।


হেলথ এণ্ড এথলেটিকচ ক্লাব দিখৌমুখ, পাৱাৰ হাউছ জীম জয়সাগৰ, য়ংগষ্টাৰ ক্লাব বগীবিল, নাজিৰা ফিটনেছ, সতী সাধনী হেল্থ ক্লাৱ চাৰিং , চামগুৰি ক্ৰীড়া সন্থা আৰু উত্তৰণ হেল্থ ক্লাবৰ ১০৫ গৰাকী খেলুৱৈয়ে ৷ ভগামুখ উচ্চ বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হেমধৰ গগৈ আৰু খনামুখ ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰবীন হাজৰিকাই ক্ৰমে বন্তি প্ৰজ্বলন আৰু মঞ্চ উদ্বোধনেৰে আৰম্ভ কৰা ট্ৰায়েলৰ উদ্বোধনী অনুস্হানত ক্ৰীড়া সাংবাদিক সত্যজিৎ শইকীয়া, ক্ৰীড়া সংগঠক মনোজ শইকীয়াইও অংশ গ্ৰহণ কৰে ৷ বিগত সময়চোৱাত ৰাজ্য আৰু দেশৰ হৈ বিভিন্ন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা কেইবাজনো ক্ৰীড়াবিদক এই অনুষ্ঠানতে সম্বৰ্দ্ধনা জনোৱা হয় ৷ এইসকল হ’ল প্ৰাক্তন আন্তৰাষ্ট্ৰীয় পদকজয়ী শক্তি উত্তোলক মিনতি দিহিঙীয়া, প্ৰাক্তন আন্তৰাষ্ট্ৰীয় এথলীট অনন্ত ৰাজকোঁৱৰ, প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ মনালিছা বৰা, নিৰ্মালী বৰা, কৃষ্ণ বৰা, দিগন্ত খনিকৰ, পবীৰ নেওগ, পলাশ বৰুৱা, অংগৰাজ কোঁৱৰ, ঋতুৰাজ গগৈ, বিচিত্ৰা ৰেখা বৰুৱা, মন্টু ভৰালী, প্ৰাক্তন ৰাজ্যিক খেলুৱৈ ভূপেন দাস সংগঠক নৰেশ সিং ৱাছফৰ, প্ৰাক্তন ৰাষ্ট্ৰীয় ভাৰোত্তোলক তথা প্ৰশিক্ষক যোগেন্দ্ৰ ফুকন আৰু গৌৰাঙ্গ বৰা , ঋতু গগৈ, প্ৰশিক্ষক সুদৰ্শন শইকীয়া আৰু ঋষিকেশ গগৈ ৷

খনামুখ সেউজ সংঘৰ সভাপতি ৰঞ্জন গগৈ, সাধাৰণ সম্পাদক আকাশ গগৈয়েও অনুষ্ঠানত অংশ গ্ৰহণ কৰে ৷ অসম ভাৰত্তোলন সন্হাৰ দল হৈ সৰুপথাৰত অংশ গ্ৰহণ কৰিবলৈ নিৰ্বাচিত দলটো হ’ল — লৰাৰ ক্ৰিছ তন্ময় ভাগৱতী, কৌস্তুভ বৰগোহাঁই, বিকি গগৈ, ৰিকি গগৈ,কল্যাণ বেজবৰুৱা, প্ৰাচুৰ্য্য বৰুৱা, অভিলাষ কোঁৱৰ, লক্ষ্যজ্যোতি লাহন, নীৰৱজ্যোতি কোঁৱৰ, পংকজ দুৱৰা, ৰূপমজ্যোতি গগৈ, বিবেক গগৈ, অয়ন দাস, নিখিল দাস, ৰোহিত দত্ত, অংকুৰ বৰগোহাঞি, সৌৰভ গগৈ, ডেনিছ কাগয়ুং, সুদৰ্শন শইকীয়া আৰু প্ৰণৱ দাস ৷

ছোৱালীৰ সুৰীয়া নাইনে ভিনিছা ৰাও, কল্যাণী গগৈ, নানচেংফা বৰগোহাঁই, চাইনা হাতীমূৰীয়া, আস্থাজিতা গগৈ, ক্ৰিন’ভা কলিতা, বৰ্ণালী বৰুৱা, পাহী গগৈ, পৰিস্মিতা গগৈ, দৃষ্টি পূজাৰী, প্ৰিয়ংকা ডাৰিগ, বিচিত্ৰা কলিতা, প্ৰতিমা কলিতা, বৰ্ণালী দত্ত, মাৰ্টিনা মিলি, বৰ্ণালী বৰা, দীপামনি কলিতা আৰু কৰিশ্মা চৌধুৰী ৷

Leave A Reply