Breaking

দ্বিতীয় ৰাষ্ট্ৰীয় হাপকিডো প্রতিযোগিতাত অসমৰ ২ টা স্বৰ্ণসহ তিনিটা পদক জয়…

0 93

২০ মে’ৰ পৰা উত্তৰপ্ৰদেশৰ লক্ষ্ণৌ চহৰৰ কে ডি সিং বাবু ইনড’ৰ ষ্টেডিয়ামত ২য় ৰাষ্ট্ৰীয় হাপকিডো প্রতিযোগিতা অনুষ্ঠিত হৈ যায়।

হাপকিডো ফেডাৰেচন অৱ ইণ্ডিয়াৰ সৌজন্যত কোৰিয়ান সমৰকলাৰ এই ৰাষ্ট্ৰীয় প্রতিযোগিতাত অসমৰ হাপকিডো খেলুৱৈয়ে দুটা সোণৰ আৰু এটা ৰূপৰ পদক লাভ কৰে।পদক পোৱা খেলুৱৈসকলৰ নাম হ’ল- জুনিয়ৰ ল’ৰাৰ ৭২ কেজিৰ তলত জ্যোতিষ বড়ো সোণ, ছিনিয়ৰ ল’ৰাৰ ৫২ কেজিৰ তলত আকাশ সিং সোণ আৰু ছিনিয়ৰ ল’ৰাৰ ৬০ কেজিৰ তলত আয়ুশ শৰ্মা ৰূপ ।

এই বাতৰি প্ৰেৰণ কৰিছে হাপকিডো অসমৰ সাধাৰণ সম্পাদক ইমৰাডুল হকে । উল্লেখ্য যে হাপকিডো ফেডাৰেচন অৱ ইণ্ডিয়াৰ সভাপতি আনন্দেশ্বৰ পাণ্ডে আৰু সম্পাদক ৰূপকমল নন্দী ।

Leave A Reply