অসম

National Film Festival 2024: জ্যোতি চিত্ৰবনত ২৬ অক্টোবৰৰ পৰা চলচ্চিত্ৰমৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰম মহোৎসৱ

চলচ্চিত্ৰৰ জৰিয়তে ৰাষ্ট্ৰীয়তাবাদক উৎসাহিত কৰাৰ লগতে ভাৰতৰ কেবাহাজাৰ বৰ্ষ পুৰণি সভ্যতা, সংস্কৃতি আৰু ঐতিহ্যক শ্ৰদ্ধা জ্ঞাপনৰ মহান উদ্দেশ্য সন্মুখত ৰাখি আয়োজিত অষ্টম চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-২০২৪ৰ(National Film Festival 2024) ২৬ আৰু ২৭ অক্টোবৰত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব। গুৱাহাটীৰ কাহিলীপাৰাৰ জ্যোতি চিত্ৰবন প্ৰাংগনত আয়োজিত এই চলচ্চিত্ৰ মহোৎসৱত ৫০খন তথ্যচিত্ৰ আৰু চুটি ছবিৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে(Jyoti Chitraban)

Asom Sanmilita Morcha । ৰাজ্যত গঠন হ’ল কংগ্ৰেছবিহীন অসম সন্মিলিত মঞ্চ !

বিহালীৰ আসনখন কংগ্ৰেছে মিত্ৰদলক এৰি নিদিয়াৰ পৰিণতিত ভূপেন বৰাই অসম সন্মিলিত মঞ্চৰ সভাপতি এৰি দিয়াৰ পিছত আজি কংগ্ৰেছক বাদ দি মঞ্চৰ বাকী দলসমূহে সাংসদ অজিত কুমাৰ ভূঞাক অসম সন্মিলিত মঞ্চৰ সভাপতিৰ দায়িত্ব অৰ্পন কৰে ৷ (Asom Sanmilita Morcha) আজি মঞ্চৰ এক বৈঠকত জাতীয় দলৰ সভাপতি অজিত কুমাৰ ভূঞাক সভাপতিৰ দায়িত্ব দিয়াৰ লগতে জন ইংতি কাথাৰ আৰু সুপ্ৰকাশ তালুকদাৰক কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়া হয়। আনহাতে সাধাৰণ সম্পাদকৰ দায়িত্বত লুৰীণজ্যোতি গগৈয়েই ৰখাৰ সিদ্ধান্ত কৰা হয় ৷ (Asom Sanmilita Morcha)

Ranoj Pegu । ৰূপান্তৰৰ ফালে আগবঢ়া শিক্ষা-ব্যৱস্থাৰ উত্তৰণত সকলোৰে সহযোগিতাৰ প্ৰয়োজন-শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু

‘‘সময়ৰ লগত খাপ খুৱাই ৰূপান্তৰৰ ফালে আগবঢ়া অসমৰ শিক্ষা-ব্যৱস্থাৰ উত্তৰণত সকলোৰে সহযোগিতাৰ প্ৰয়োজন আছে৷(Ranoj Pegu)নাকৰ মূল্যায়ন, শিক্ষাৰ আঁচনি আদি নতুন-নতুন পদক্ষেপৰ জৰিয়তে বৰ্তমান অসমৰ শিক্ষা ব্যৱস্থা দেশৰ ভিতৰতে অগ্ৰণী শিক্ষা ব্যৱস্থা হ’বলৈ গৈ আছে৷’’-সদৌ অসম কলেজ কৰ্মচাৰী সন্থাৰ অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি এই মন্তব্য আগবঢ়ায় অসমৰ শিক্ষামন্ত্ৰী মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ (Ranoj Pegu)

AAP । বিহালী আৰু চামগুৰিত প্ৰতিদ্বন্দ্বিতা কৰিব আপে

উপ নিৰ্বাচনত ৰাজ্যৰ দুটাকৈ বিধান সভা সমষ্টিত আম আদমী পাৰ্টিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। দলৰ ৰাষ্ট্ৰীয় নেতৃত্বই ৭৭ নং বিহালী বিধান সভা সমষ্টিত অনন্ত গগৈ আৰু ৮৮ নং চামগুৰি বিধান সভা সমষ্টিত নুৰুল আমিন চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। (AAP)

Poisonous Food And Cancer: বজাৰৰ বিষাক্ত খাদ্যই বৃদ্ধি কৰিছে কেন্সাৰ ৰোগীৰ সংখ্যা

শাৰীৰিক স্বাস্থ্য সন্তুলিত কৰি ৰাখিবলৈ চিকিৎসক আৰু স্বাস্থ্য বিজ্ঞানীসকলে ৰেডিমেড, জাংক ফুড, সংসাধিত, গুৰুপাকী খাদ্যৰ পৰিৱৰ্তে ঘৰুৱাভাৱে তৈয়াৰী আহাৰৰ লগতে শাক-পাচলি আৰু ফলমূল বেছিকৈ খাবলৈ পৰামৰ্শ দিয়ে(Poisonous Food And Cancer)।আজিকালি স্বাস্থ্য সচেতনতা বৃদ্ধি পাইছে বাবেই অধিক চৰ্বি আৰু কেলৰিযুক্ত খাদ্য বহু লোকে এৰাই চলিবলৈ লৈছে আৰু তাৰ পৰিৱৰ্তে বেছিকৈ খাবলৈ লৈছে শাক-পাচলি আৰু ফলমূল।

Popular