অসম

Cyclone Dana: কালী পূজাৰ আগে আগে আহি আছে ডানা !

বতৰ বিজ্ঞান বিভাগে ঘূৰ্ণীবতাহ ডানাই(Cyclone Dana) আঘাত হানিব লগা কোনো নিৰ্দিষ্ট স্থান আৰু সময় অথবা ইয়াৰ তীব্ৰতাক লৈ এতিয়ালৈকে কোনো ঘোষণা কৰা নাই যদিও অৱশ্যে সোমবাৰৰ পৰা সাগৰলৈ যোৱা মাছমৰীয়াসকলৰ বাবে সতৰ্কবাণী জাৰি কৰিছে ।

Physician Dr. Nomal Chandra Bora: জন্মস্থানত কৃষক বন্ধু আৰু ছাত্ৰ-ছাত্ৰীৰে অন্তৰংগ আলাপ চিকিৎসক নোমল চন্দ্ৰ বৰাৰ

গহপুৰ, ২০ অক্টোবৰঃ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিকিৎসক নোমল চন্দ্ৰ বৰাই(Physician Dr. Nomal Chandra Bora) ১৮ অক্টোবৰত তেওঁৰ জন্মস্থান ডুবিয়াত উপস্থিত হৈ কেতবোৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। গহপুৰ সমজিলাৰ অন্তৰ্গত ডুবিয়াত উক্ত দিনা পুৱা ৯ বজাৰ‌ বিয়লি ৪ বজালৈকে গুৱাহাটীস্থিত জিএনআৰচিৰ উদ্যোগত বিনামূলীয়াকৈ বিশাল স্বাস্থ্য শিবিৰ ৰূপায়িত হয়।

Singer Bornali Kalita: কণ্ঠশিল্পী বৰ্ণালী কলিতালৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী

দিল্লীৰ Integrated Global University য়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে কণ্ঠশিল্পী বৰ্ণালী কলিতাক।(Singer Barnali Kalita)

Assam, By-elections : উপ-নিৰ্বাচনঃ অসমৰ তিনি সমষ্টিত বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা

১৩ নবেম্বৰত অসমৰ পাঁচ সমষ্টিত উপ-নিৰ্বাচন (Assam, By-elections)। উপ-নিৰ্বাচনৰ বাবে বিজেপিয়ে (BJP) শনিবাৰে তিনিটা সমষ্টিত প্ৰাৰ্থীৰ নাম তালিকা প্ৰকাশ কৰে। সেইমৰ্মে ধলাইত নিহাৰ ৰঞ্জন দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ লগতে বিহালীত দিগন্ত ঘাটোৱাৰক আৰু চামগুৰিত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে দীপ্লু ৰঞ্জন শৰ্মাক। উল্লেখ্য অসমৰ পাঁচটা বিধানসভা (Assembly Elections) সমষ্টিৰ উৰপি দেশৰ ৪৮টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰিছিল নিৰ্বাচন আয়োগে। লগতে দুটা লোকসভা সমষ্টিৰ নিৰ্বাচনৰ দিনো ঘোষণা নিৰ্বাচন আয়োগৰ

Debate Competition: নিতাইপুখুৰীত সদৌ অসম আন্তঃশিক্ষানুষ্ঠানতৰ্ক প্ৰতিযোগিতা কোনে পালে প্ৰথম পুৰস্কাৰ ?

সামাজিক সংগঠন সুৰক্ষা আৰু নিতাইপুখুৰী শাখা সাহিত্য সভাৰ উদ্যোগত শিৱসাগৰ জিলাৰ নিতাইপুখুৰী ৰাজহুৱা ভৱনত আজি অনুষ্ঠিত শিক্ষাবিদ প্ৰয়াত মংগল দেউৰী আৰু পুণ্যেশ্বৰ চেতিয়া সোঁৱৰণি সদৌ অসম আন্তঃশিক্ষানুষ্ঠান তৰ্ক প্ৰতিযোগিতা সফলতাৰে সমাপ্ত হয়৷কাৰ্যসূচী অনুসৰি পুৱা প্ৰয়াত মংগল দেউৰী আৰু পুণ্যেশ্বৰ চেতিয়াৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ আৰু বন্তি প্ৰজ্বলন কৰে পৰিয়ালবৰ্গই৷ইয়াৰ পিছতে প্ৰতিযোগিতা উদ্ধোধন কৰে নিতাইপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰজনী কান্ত দত্তই ৷(Debate Competition)

Popular