Breaking

ব্যতিক্ৰমী কাহিনীৰে আহি আছে এখন নতুন অসমীয়া চলচ্চিত্ৰ

0 2,038

অসমবাসীক গৌৰৱ কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আমাৰ সম্পদ ৷ এই কাজিৰঙা তথা তাৰ বন্যপ্ৰাণী সমূহৰ সুৰক্ষা দিয়াটো একো একোখন সমাজৰ প্ৰতিনিধি হিচাপে সকলোৰে কাম্য৷ কিন্তু এতিয়া প্ৰশ্ন হ’ল প্ৰকৃততে কাজিৰঙাখন সুৰক্ষিত হয়নে?, তাত থকা বন্যপ্ৰাণীসমূহে   আজি সংকটৰ গৰাহত ৷ চোৰাংচিকাৰীৰ কবলত পৰি খৰ্গ কাটি গঁড় হত্যা কৰাৰ বাতৰিয়ে আজিও বাতৰিৰ শিৰোনাম দখল কৰি আছে৷ দিন ৰাতি কেৱল বন্যপ্ৰাণী সুৰক্ষাৰ বাবেই ঘৰ সংসাৰক আওকাণ কৰি নিষ্ঠাৰে কৰ্তব্যত ব্ৰতী হৈ থকা বনকৰ্মীসকলৰ যি ত্যাগ সেয়া আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ৷ গতিকে, এজন সাংস্কৃতিক কৰ্মী হিচাপে এইসমূহক জনসাধাৰণৰ ওচৰত তুলি ধৰাৰ এক প্ৰয়াসেৰে তথা সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে  এক পৰিকল্পনা হাতত লৈ নিৰ্মৰণ কৰা এখন পূৰ্ণদৈৰ্ঘৰ কথাছবি নিৰ্মান কৰি উলিয়াইছে৷ বোলছবিখনে চেঞ্চৰ লাভ কৰিবলৈও সক্ষম হ’ল৷ ১ নৱেম্বৰত কাজিৰঙাৰ সুৰক্ষাৰ ওপৰত এক বাৰ্তা প্ৰেৰণ কৰিব বিচৰা এই কথা ছবিখনৰ প্ৰ’ম’ মুকলি কৰা হয় ৷ শিৱসাগৰ জিলাৰ শিমলুগুৰি আছুৰ কাৰ্যালয় ছহিদ ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত মুকলি কৰে। উক্ত ছবিখনত অভিনয় কৰিছে কেইবাজনো  নবীন প্ৰবীন অভিনেতা – অভিনেত্ৰীয়ে। ছবিখন পৰিচালনা কৰিছে ৰমেন গগৈয়ে ৷ সংগীত দেৱজিৎ বহ্ম, প্ৰযোজনা ৰমেন গগৈ । কেমেৰা আৰু সম্পদনা নাচিৰুল হুচেইনৰ | এতিয়া চলচিত্ৰ প্ৰেমীসকলে অপেক্ষা কৰি আছে ছবিখনৰ মুক্তি হোৱালৈ।

Leave A Reply