Breaking

অসমীয়া লোককৃষ্টি আৰু আমাৰ সমাজ

0 10
  • ধৰ্মেন্দ্ৰ বৰা

সময় পৰিবৰ্তনশীল | পৰিবৰ্তনশীল সময়ৰ সৈতে যিসকলে নিজকে খাপ খুৱাব নোৱাৰে সেইসকল সময়ৰ সোঁতত হেৰাই যায় | উদাহৰণস্বৰূপে আমি ড’ড নামৰ চৰাইবিধৰ কথা সকলোৱে জানো | কিন্তু এনে কিছুমান বস্তু আছে যিবোৰ সময়ৰ সোঁতত বিচৰা ধৰণে সলনি কৰিব পৰা নাযায় বা কৰিলেও সেয়া সমাজে বিকৃত অথবা অপভ্ৰংশ বুলি ক’ব খোজে | অৱশ্যে সমাজৰ একাংশই আকৌ সেয়া বিচাৰে য’ত সময়ৰো দাবী থাকে | এইখিনিতে অসমৰ লোককৃষ্টি-সংস্কৃতিৰ কথাকে ক’ব বিচাৰিছোঁ | শ শ বা হাজাৰ বছৰৰ পৰা চলি অহা চহকী অসমীয়া জাতিৰ যিবোৰ লোককৃষ্টি আছে সেইবোৰ বিগত দিনত অসমীয়াক নিজস্ব গুণ গৰিমা থকা বুলি চিনাকি দি আহিছে | বাৰেৰহনীয়া কৃষ্টি-সংস্কৃতিয়ে আমাৰ পৰিচয়,আমাৰ সংস্কৃতি কিমান বৈচিত্ৰতাৰে ভৰা | কিন্তু সময়ৰ পৰিবৰ্তনশীলতাই যেন ক’ৰবাত এই লোককৃষ্টি সমূহলৈ কিছু জটিলতা নমায় আনিছে | আজিৰ প্ৰজন্মই কিমানে আমাৰ এই সমূহ সমল আগুৱাই নিছে অথবা চৰ্চা কৰিছে সি এটা ডাঙৰ প্ৰশ্ন | পশ্চিমীয়া সংস্কৃতি বা ভাৰতৰ আন ৰাজ্যৰ পৰম্পৰা সংস্কৃতিৰ প্ৰতি সততে আকৃষ্ট হোৱা আমাৰ আজিৰ প্ৰজন্মই লোককৃষ্টিৰ প্ৰতি কৰা অবহেলাৰ কাৰণ কি ? এয়া অপ্ৰিয় হ’লেও সত্য যে আজি বহু তথাকথিত আধুনিক অভিভাৱকে ভাবে সন্তানে এইবোৰ চৰ্চা কৰিলে জীৱনৰ গতিপথেই যেন স্তব্ধ হৈ যাব ! খুব বেছি হয়তো এখন স্থুল মঞ্চ লাভ কৰিবলৈ সক্ষম হ’ব য’ত বৰ্তমান সময়ৰ দৰে জনপ্ৰিয়তাৰ কোনো বিশেষ প্ৰভাৱ নপৰিব | আচলতে তেওঁলোকৰ চিন্তাকো এক কথাত ভুল বুলিও ক’ব নোৱাৰি | কাৰণ এয়াই এতিয়া বাস্তৱ সত্য | সময়ৰ সৈতে পাঠক,শ্ৰোতা,দৰ্শক সকলোৰে ৰুচি অনুযায়ী নিৰ্মাণৰ চিন্তাধাৰাৰ প্ৰয়োগ পৰিলক্ষিত হৈছে | সেয়া সমাজৰ আহ্বান | কিন্তু সকলোৱে কৰিলেও সলনি কৰিব নোৱাৰা এই লোককৃষ্টি সমূহ আমাৰ বাবে পৰম্পৰা,জাতিৰ চিনাকী,সমাজৰ দলিল | এইয়াই আমাৰ বাবে চহকী চানেকী,যিবোৰ সলনি কৰাৰ লগে লগে পুৰণি ঐতিহ্য বা বৈচিত্ৰৰ যি ভেঁটি সেয়া যেন ক’ৰবাত খহি পৰিব খোজে | কেৰোণটো হয়তো এইখিনিতে যাৰ বাবে আমাৰ মাজৰ পৰা ক্ৰমে জনপ্ৰিয়তা বা আজিৰ প্ৰজন্মৰ আগ্ৰহ হেৰাইছে লোককৃষ্টি-সংস্কৃতিৰ প্ৰতি | সমাজৰ এনে অৱহেলা আজি প্ৰায়বোৰ ক্ষেত্ৰতে দেখিবলৈ পায় আছো | বৰ্তমান সময়ত একাংশ পুৰণি শিল্পীয়ে হাজাৰ হাজাৰ বাধাৰ মাজতো এনেবোৰ পৰম্পৰাক জীয়াই ৰাখিছে | তেওঁলোকে ব্যক্তিগত সমস্যাকো আওকান কৰি অসমীয়া কলা-কৃষ্টিৰ অক্লান্ত সাধনা কৰি গৈছে | তাৰ অধিকাংশই আজি তীব্ৰ আৰ্থিক সংকটৰ মাজেৰে নিজৰ দায়িত্ব বুলি ভবা কামবোৰ কৰি গৈছে | এটা জাতি নিজস্ব স্বকীয়তাৰে জীয়াই থাকিবলৈ সাহিত্য,কলা-সংস্কৃতিৰে উজ্বলি থাকিব লাগিব ; যাক জাতিটোৰ বাবে প্ৰাণ আৰু মূল ভেঁটি বুলিব পাৰি | ঘৰ এটা নিৰ্মাণত যিমানে ধুনীয়া আৰু মজবুত নহওক লাগিলে তলৰ মূল ভেঁটিটো যদি দুৰ্বল হয় তেন্তে যিকোনো সময়তে ভাঙি পৰিব পৰাৰ দৰে নিজস্ব ভাষা,সাহিত্য,কলা-সংস্কৃতিক নিচিনিলে আমি যিমানেই আনৰবোৰ আয়ত্ব নকৰো কিয় সেয়া এদিন নিষ্ফল হৈ পৰিব | কাৰণ তেতিয়া আমি নিজৰটো আনৰ আগত দেখুৱাবলৈ একো নাথাকিব | এই ক্ষেত্ৰত আমাৰ সমাজৰো কৰণীয় বহুত আছে | জাতিৰ এই প্ৰাণস্পদ লোককৃষ্টিৰ শিল্পীসকলক আমি যেন এতিয়াও আওকান কৰি আছোস| হয়তো বহু ক্ষেত্ৰতে তেওঁলোকে পাব লগা মূল্য আৰু মৰ্যাদা পোৱা নাই | আজি সততে দেখি থাকো যে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান সমূহত আধুনিক কৃষ্টি সংস্কৃতিৰ পয়োভৰ সৰ্বাধিক | বিভিন্ন নকৈ আদৰা সংস্কৃতিয়ে বিৰাজ কৰিছে | তথাকথিত সংস্কৃতিৰ একাংশ পালকসকলেই আমাৰ লোক-সংস্কৃতিৰ সাধকসকলক অৱহেলা কৰি আহিছে | আনকি অসমীয়াৰ জাতীয় উতসৱ বিহুটো পালন কৰাকে ধৰি আন আন তেনে অনুষ্ঠানসমূহতো লোক সংগীত বা লোককৃষ্টি সমূহ অৱহেলিত হৈ থাকে | সাংস্কৃতিক মঞ্চ এটা উদ্বোধন কৰোতে আমি বিভিন্ন ব্যক্তিৰ দ্বাৰা উদ্বোধন কৰোঁ | সেয়া কেতিয়াবা ৰাজনৈতিক নেতা হয়,কোনোবা ধনবান অথবা গ্লেমাৰ ব্যক্তি হ’ব পাৰে কিন্তু সেয়া কোনোবা লোক সংগীত শিল্পী এজন হ’ব নোৱাৰাৰ কাৰণ কি থাকিব পাৰে | কিন্তু আমি সেই দৃশ্য প্ৰায় নেদেখাৰ দৰেই | লাখ লাখ টকা দি গায়ক মাতি নিশা দুপৰলৈ নাচি থকা সেই একেখিনি মানুহে কোনোবা লোক সংগীতৰ শিল্পী এজনক আমন্ত্ৰণ কিয় কৰিব নোৱাৰে ? গুৰুজনাৰ এটি বৰগীতেৰে মঞ্চ এখন উদ্বোধন কিয় হ’ব নোৱাৰে ? এটি সত্ৰীয়া নৃত্য অথবা শিল্পী গৰাকীৰে কিয় হ’ব নোৱাৰে ? বিশ্বখ্যাত অসমৰ মুখা শিল্পৰ শিল্পীজনে কিয় স্থান পাব নোৱাৰে ? এইখিনি কৰাৰ ফলত তেওঁলোক কিমান ধৰণে উপকৃত হ’ব সেয়া প্ৰকৃতাৰ্থত আমি পূৰামাত্ৰাত হয়তো উপলব্ধিয়ে কৰিব নোৱাৰিম ! চিধা চিধি ভাৱে আমি সকলোৱে বহু ধৰণে লাভান্বিত হ’ম | প্ৰথমতেই সেইসকল শিল্পীয়ে তেওঁলোকৰ সংগ্ৰাম ভৰা জীৱনটোত আৰু অধিক সৃষ্টিৰ কাম কৰি যাবলৈ প্ৰেৰণা আৰু সাহস পাব | অধিকাংশ আৰ্থিকভাৱে জুৰুলা হৈ থকা শিল্পীয়ে বহু পৰিমাণে সকাহ পাব | প্ৰায় পাহৰিবলৈ ধৰা পৰম্পৰা আৰু জাতীয় চানেকীসমূহৰ উচিত ভাৱে চৰ্চা হ’ব লগতে আজিৰ প্ৰজন্মই তাক ভালদৰে চিনিব পাৰিব,বুজিব পাৰিব  আৰু শিকাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিব | গতিকে বৰ্তমান পৰিস্থিতিত আমি কৰিবলগীয়া বহুখিনি আছে;যাৰ বাবে ক্ৰমে সুপ্ত হৈ পৰা লোক কলা-কৃষ্টিসমূহৰ পূৰ্ণমাত্ৰাত চৰ্চাৰ লগতে প্ৰচাৰ আৰু প্ৰসাৰ হ’ব | তেতিয়াহে অসমীয়া জাতিটো কৃষ্টি চহকী,সংস্কৃতি চহকী হৈ সৰ্বাংগসুন্দৰ হৈ বিশ্বৰ আগত মেৰুদণ্ড পোনহৈ নিজস্ব গৌৰৱেৰে থিয় হৈ থাকিব পাৰিব | 

দূৰভাষঃ ০৯৭০৬১৮২৬৫৭