Breaking

চৌদি আৰবৰ লোভনীয় চাকৰি এৰি গুৱাহাটীত ৰেষ্টুৰেণ্ট ব্যৱসায়ত মনোনিৱেশ অংকুৰ হাতীবৰুৱাৰ
জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংকনাই মুকলি কৰিলে বিশেষ প্ৰতিষ্ঠানখন

0 22,812

সুদূৰ চৌদি আৰবৰ লোভনীয় তথা আকৰ্ষণীয় চাকৰি এৰি মাতৃভূমি অসমত নতুনকৈ আত্মসংস্থাপনৰ লগতে আন কেইবাজনো নিবনুৱা যুৱক-যুৱতীক সংস্থাপন দিয়াৰ লক্ষ্যৰে সোণাৰীৰ অংকুৰ হাতীবৰুৱাই মহানগৰীৰ পাথৰকুৱাৰীত আৰম্ভ কৰিছে নতুন ব্যৱসায়। পাথৰকুৱাৰীৰ বিশিষ্ট ব্যৱসায়ী পদ্মেশ্বৰ বসুমতাৰীৰ সহযোগত আৰম্ভ কৰা “জ’ফু” নামৰ ৰেষ্টুৰেণ্টখন শুকুৰবাৰে মুকলি কৰে জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংকনাই। জনপ্ৰিয় সাংবাদিক অঞ্জুমণি বৰদলৈয়ে আঁতধৰা উদ্বোধনী অনুষ্ঠানটোত জনপ্ৰিয় অভিনেতা বিকি ৰাজখোৱা, দিপক ৰয়ৰ লগতে বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি। আনহাতে, দেশী-বিদেশী বিভিন্ন খাদ্য সম্ভাৰৰ লগতে থলুৱা অসমীয়া, জনজাতীয় খাদ্যক ন-ৰূপেৰে খাদ্যৰসিক গ্ৰাহকলৈ আগবঢ়োৱাৰ লক্ষ্যৰে আৰম্ভ কৰা ৰেষ্টুৰেণ্টখন উদ্যোধন কৰি জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংকনাই অংকুৰক উদ্দেশ্যি কয়, “ঘৰৰ ল’ৰা ঘৰলৈ উভতি আহিছে। স্বাৱলম্বী হোৱাৰ লগতে আন দহজন যুৱক-যুৱতীক সংস্থাপন দিছে। নিশ্চিতভাৱে এয়া এক ইতিবাচক কথা।” উল্লেখ্য যে সোণাৰীৰ লোক নিৰ্মাণ বিভাগৰ জ্যেষ্ঠ অভিযন্তা ইন্দ্ৰকান্ত হাতীবৰুৱা আৰু দুলু হাতীবৰুৱাৰ সুযোগ্য সন্তান অংকুৰে ২০০৭ চনতে দিল্লীত হোটেল মেনেজমেণ্টত চাকৰি জীৱন আৰম্ভ কৰি পৰৱৰ্তী সময়ত মুম্বাই, ছিংগাপুৰ আৰু ২০১৭ চনৰ পৰা ২০২১ চনৰ ডিচেম্বৰলৈকে চৌদি আৰৱত খাদ্য সংশাধন বিভাগত সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

Leave A Reply