Breaking

অসমীয়া সাংবাদিকতা অসমীয়া জাতীয়তাবাদৰ ওপৰত প্ৰতিষ্ঠিত: পংকজ নাথ

0 135

অসমীয়া সাংবাদিকতা অসমীয়া জাতীয়তাবাদৰ ওপৰত প্ৰতিষ্ঠিত। গতিকে আমাৰ সাংবাদিকতা জাতীয়তাবদৰ স্বাৰ্থত হবই লাগিব।’ সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ নাথে কালি  নলবাৰীৰ এখন সভাত এই মন্তব্য সদৰী কৰে। উল্লেখ্য যে বৰাক উপত্যকাত অসমীয়া ভাষাৰ ওপৰত চলা আগ্ৰাসনক কেন্দ্ৰ কৰি বিগত কিছুদিনধৰি ৰাজ্যৰ প্ৰায় সৰ্বত্ৰতে বিতৰ্ক চলি আছে। ইয়াৰ মাজতে সদৌ অসম সাংবাদিক সন্থাৰ মজিয়াৰ পৰা সংগঠনটোৰ সভাপতি নাথে এনেদৰে স্থিতি প্ৰকাশ কৰে। আনহাতে ৰজাঘৰীয়া সাংবাদিকতাৰ বিপৰীতে সাংবাদিক সকলক গণমুখী সাংবাদিকতা কৰাৰ আহ্বান জনায় তেওঁ। তদুপৰি গতানুগতিক বাতৰিৰ উপৰি অনুসন্ধানমূলক বাতৰিত গুৰুত্ব দিয়াৰ আহ্বান জনায় সভাপতি পংকজ নাথে। লগতে নিজৰ জীৱন সুৰক্ষিত কৰাৰ বাবে সাংবাদিকসকলক  সংগঠিত হোৱাৰ বাবেও সভাপতি নাথে আহ্বান জনায়। ইফালে অসমৰ সংবাদক্ষেত্ৰত শেহতীয়াভাৱে একাংশ পিৰ্টেল সংবাদিকতাই সাংবাদিকতাত কালিমা সানিছে বুলি নাথে আন এক লক্ষণীয় মন্তব্য প্ৰকাশ কৰে। তেওঁ কয়-  একাংশ পিৰ্টেল সংবাদিকতাই সাংবাদিকতাত কালিমা সানিছে।তেওঁলোকে কেৱল ভিউৱাৰচৰ কথাহে ভাবে। ‘ উল্লেখ্য যে নলবাৰী জিলা সাংবাদিক সন্থাৰ সভাপতি তথা নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি, নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ সঞ্চালনত নলবাৰী জিলা  সাহিত্য সমাজৰ প্ৰেক্ষাগৃহত কালি  অনুষ্ঠিত নলবাৰী জিলা সাংবাদিক সন্থাৰ অধিবেশনৰ প্ৰতিনিধি সভা আৰু মুকলি সভা মুকলি কৰি আজুৰ সভাপতি নাথে উক্ত মন্তব্য প্ৰকাশ কৰে। ইপিনে উক্ত সভাত আজুৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰ, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন,আছুৰ শিক্ষা আৰু সাংস্কৃতিক সম্পাদক ভাৱজিৎ বেজবৰুৱা, নলবাৰী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অনিন্দিতা গগৈও উপস্থিত থাকি ভাষণ আগবঢ়ায়। আজুৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে কয় যে অসমৰ সংবাদ ক্ষেত্ৰত নলবাৰীৰ ভূমিকা সৰ্বাধিক । সেইকাৰণে ইয়াত বেছিকৈ সাংবাদিক নীগ্ৰহ হব লগা হয়। আনহাতে অলপ বেলেগ দৃষ্টিৰে যদি চাওঁ এফালে বহু ডেকা লৰাৰ জীৱন ধ্বংস হৈছে।’ লক্ষণীয় যে কোনো কাৰণতে কোনো সাংবাদিকে ৰাজনৈতিক দলৰ মজিয়াৰ পৰা কথা কব নালাগে বুলি তেওঁ এক গুৰুত্বপূৰ্ণ মন্তব্য সদৰী কৰে। ইপিনে – অনিল মজুমদাৰৰ হত্যাকাণ্ডৰ উচিত বিচাৰ নহল, ৰাজেন ডেকাৰ আক্ৰমণৰ ঘটনাৰ সুবিচাৰ নহল,  অনিমেশ বৰ্মনৰ আক্ৰমণৰ ঘটনাৰ বিচাৰ নহল বুলি তেওঁ একপ্ৰকাৰ ক্ষোভ উজাৰি কয়- সংগঠনিকভাৱে আমি যদি শক্তিশালী নহওঁ তেতিয়াহলে এনে ঘটনাৰ অন্ত নপৰিব। মত বিভাজন থাকিলেও সাংবাদিকৰ চলা পিন্ধি আছো যিহেতু কৰবাত নহয় কৰবাত আমি এক হৈ থাকিব লাগিবই।আনহাতে নলবাৰী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অনিন্দিতা গগৈয়ে আৰক্ষীৰ ক্ষেত্র আৰু সাংবাদিকৰ ক্ষেত্ৰ ৰ এটা ওতঃপ্ৰোত সম্পৰ্ক থাকে বুলি ভাষণত প্ৰকাশ কৰে। তেওঁ কয়- আপোনালোক (সাংবাদিকসকল) গণতন্ত্ৰৰ কান্ধাৰী। ইফালে নিজৰ বেয়াকামখিনি কুন্ঠাহীনভাৱে লিখিবলৈ আহ্বান জনাই বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মনে কয়- ৯৫ শতাংশ সাংবাদিকে আজিও দেশৰ সেৱাত কাম কৰি আছে। মোৰ বেয়াকামখিনি আপোনালোকে কুন্ঠাহীনভাৱে লিখিব, মই আহ্বান জনালোঁ। আছুৰ শিক্ষা আৰু সাংস্কৃতিক সম্পাদক ভাৱজিৎ বেজবৰুৱাই নলবাৰী জিলাৰ সাংবাদিক সকল অলপ হলেও ব্যতিক্ৰম বুলি অনুভৱ প্ৰকাশ কৰে। তেওঁ কয়-  প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকে ধনাত্মক দৃষ্টিৰে চায়।  অশেষ কষ্ট সত্বেও তেওঁলোকে কাম কৰি গৈ আছে।  ধনাত্মক বাৰ্তা আগুৱাওই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট অৰিহনা যোগাই আহিছে।’ উক্ত মুকলি সভাৰ অন্তত অনুষ্ঠিত হয় বিষয় বাছনি সভা। ইয়াতে সাংবাদিক ৰাজেন ডেকাক সভাপতি হিচাপে লৈ নলবাৰী জিলা সাংবাদিক সন্থাৰ এখন নতুন সমিতি গঠন কৰা হয়। কাৰ্যকৰী সভাপতি হিচাপে এম মহিবৰ ৰহমান আৰু ফাইজুৰ ৰহমান, উপসভাপতি পদত ৰাজেন বৈশ্য, আব্দুল মজিদ শ্বাহ আলম আহমেদ আৰু কামিনী মিশ্ৰ যুটীয়া সম্পাদক হিচাপে বসন্ত দাস আৰু সুভাষ ডেকাক লৈ নতুন সমিটীখন গঠন কৰা হয়। 

Leave A Reply