Breaking

অসমীয়া চুটি ছবি ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৃত “সেই দিনা আছিল দেওবাৰ”

0 101

‘সেইদিনা আছিল দেওবাৰ ’ চুটি ছবিলৈ পুনৰ এক স্বীকৃতি। ফিল্ম ফেষ্টিভেল জংচনে আয়োজন কৰা ইণ্ডিয়ান স্ক্ৰীন প্ৰজেক্টৰ চলচ্চিত্ৰ মহোৎসৱত দেশৰ ভিন্ন প্ৰান্তৰ ভিন্ন ভাষাৰ প্ৰায় পাঁচ হাজাৰ ছবিৰ মাজৰ পৰা Official Selection লাভ কৰি কলকাতাত অনুষ্ঠিত হোৱা ২০২৩ বৰ্ষৰ উক্ত সংস্কৰণলৈ আমন্ত্ৰিত হয় ছবিখন।

যোৱা ১০ ফেব্ৰুৱাৰী তাৰিখে হাওড়াৰ শৰৎ সদনত অনুষ্ঠিত হোৱা আড়ম্বৰপূৰ্ণ বঁটা বিতৰণী সামৰণি অনুষ্ঠানত নিৰ্বাচিত সকলো ছবিকে চেৰ পেলাই fiction শাখাত শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় সন্মান আঁজুৰি আনে ‘সেইদিনা আছিল দেওবাৰ’ নামৰ অসমীয়া ভাষাৰ চুটি ছবিখনে। বঁটা গ্ৰহণ কৰে ছবিখনৰ পৰিচালক অৰুণাভ হাজৰিকা, মুখ্য অভিনেত্ৰী ভায়’লিনা ডেকা আৰু সাজ সজ্জা তথা ৰূপসজ্জা নিৰ্দেশিকা পূজাস্মিতা ডেকাই। উল্লেখ্য যে সদ্যপ্ৰয়াত কাব্যঋষি নীলমণি ফুকনদেৱৰ একে নামৰ কবিতাটিকে উপপাদ্য হিচাপে লৈ উত্তৰ গুৱাহাটীৰ ছাত্ৰ অৰুণাভে নিৰ্মাণ কৰা ছবিখনে বিগত বৰ্ষতো বিভিন্ন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল লগতে অষ্ট্ৰিয়াত অনুষ্ঠিত ২৪ সংখ্যক য়ুকি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো ভাৰতৰ পৰা একমাত্ৰ ছবি হিচাপে নিৰ্বাচিত হৈছিল।

Leave A Reply