Breaking

এচআই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্তৰ দাবীত নাজিৰাত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদী কাৰ্যসূচী

0 85

এছআই জোনমণি ৰাভাৰ ৰহস্য দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাবটি লোৱা ঘটনাৰ উচিত তদন্তৰ দাবীৰে আজি নাজিৰাত অসমীয়া যুৱ মঞ্চ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু অসমীয়া যুৱ মঞ্চ নাজিৰা মহকুমাৰ সহযোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

এই প্ৰতিবাদৰ জৰিয়তে সংগঠনটোৱে অসম চৰকাৰ তথা অসম চৰকাৰৰ গৃহ বিভাগক CID তদন্তৰ নামত ভেকোভাওনা বন্ধ কৰি CBI দ্বাৰা উপযুক্ত তদন্ত কৰি জোনমণি ৰাভাৰ পৰিয়ালক অতি শীঘ্ৰে উচিত ন্যায় প্ৰদান কৰিবলৈ সকীয়নি প্ৰদান কৰে।

জোনমণি ৰাভাক ন্যায় প্ৰদান কৰক শ্ল’গানেৰে সংগঠনটোৱে উত্তাল কৰি তোলে নাজিৰা নগৰৰ ৰাজপথ।

-নাজিৰাৰ পৰা দিলীপ হাজৰিকা

Leave A Reply