Breaking

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ ২৮ সংখ্যক মৃত্যু তিথি পালন…

0 12

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ আজি ২৮ সংখ্যক মৃত্যু বাৰ্ষিকী নাজিৰাত দিনজোৰা কাৰ্যসূচীৰে পালন কৰে। পুৱা প্ৰয়াত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ সমাধিস্থ সংহতি স্থলত পুষ্পমাল্যাৰ্পণ আৰু বন্তি প্ৰজ্জলনেৰে কাৰ্যসূচীৰ পাতনি মেলে প্ৰয়াত শইকীয়াৰ সহধৰ্মীনি তথা প্ৰাক্তন মন্ত্ৰী ডঃ হেম প্ৰভা শইকীয়া আৰু জ্যেষ্ঠ পুত্ৰ তথা অসম বিধান সভাৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াই।

সংহতি স্থলত সৰ্বধৰ্ম প্ৰাৰ্থনাৰ পিছতে প্ৰয়াত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ মৃত্যু বাৰ্ষিকী উপলক্ষে নাজিৰাৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন প্ৰৱাহৰ উদ্যোগত আৰু নাজিৰা শিক্ষা খণ্ডৰ খটখটি মণ্ডল সমল কেন্দ্ৰৰ সহযোগত ৩২৮ নং কপহুৱা প্ৰাথমিক বিদ্যালয়ত সমল কেন্দ্ৰটোৰ বহু কেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন, সাধু কোৱা আৰু স্মৃতি পৰীক্ষা প্ৰতিযোগিতা অনুষ্ঠিত হয়।শেষত প্ৰাক্তন মন্ত্ৰী ডঃ হেম প্ৰভা শইকীয়াৰ উপস্থিতিত প্ৰতিযোগিতাৰ বিজয়ী ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বঁটা বিতৰণৰ পাছতে অনুষ্ঠানৰ সামৰণি পৰে।

Leave A Reply