Breaking

মালদ্বীপত উজলিল অসমৰ চিত্ৰশিল্পী মিন্টু ডেকা…

0 218

মালদ্বীপৰ মালে চহৰত অনুস্থিত হৈছে এখনি আন্ত:ৰাষ্ট্ৰীয় চিত্ৰ প্ৰদৰ্শনী শীৰ্ষক-‘FARUMA’ । যোৱা ৮মে ৰ পৰা ১৪ মে লৈ অনুস্থিত চিত্ৰ প্ৰদৰ্শনী খন উদ্ধোধন কৰে মালদ্বীপৰ ৰাষ্ট্ৰপতি ইব্ৰাহীম মহম্মদ ছহিল আৰু বিশেষ ভাবে উপস্থিত থাকে ৰাষ্ট্ৰখনৰ যূৱ আৰু সাংস্কৃতিক মন্ত্রী ইউম্না মামুন।শিল্প কৰ্মৰ এই প্ৰদৰ্শনীত বিশ্বৰ ৬ খন দেশৰ চিত্ৰ শিল্পী সকলে অংশগ্ৰহণ কৰে।অংশগ্ৰহণ কাৰীদেশকেইখন ক্ৰমে -লেবানন,চিৰিয়া,ইৰান, আৰৱ এমিৰেটচ, উজবেকিস্তান,ভিয়েটনাম আৰু ভাৰত।

অসমৰ আন্ত:ৰাষ্ট্ৰীয় চিত্ৰশিল্পী গুৱাহাটীৰ মিন্টু ডেকাই ভাৰতক প্ৰতিনিধি কৰি উক্ত প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে। মিন্টু ডেকাৰ চিত্ৰ কৰ্ম ইতিমধ্যে বিশ্বৰ ৪০ খনৰো অধিক দেশত প্ৰদৰ্শন কৰি যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। বিশ্বৰ বিভিন্ন দেশত চিত্ৰ প্ৰদৰ্শনী,কৰ্মশালা আলোচনাত ভাগ লৈ সফলতাৰে সুনাম কঢ়িয়াই আনি অসমৰ চিত্ৰশিল্প জগত খনত চহকী কৰিছে।প্ৰদৰ্শনীৰ আটাইকেইটা দিনতে শিল্পী সকলে বিভিন্ন দেশৰ শিল্প কৰ্মৰ সৈতে চিনাকী হোৱাৰ সুযোগ লাভ কৰাৰ লগতে কৰ্মশালাত অংশগ্রহণ কৰি মত বিনিময় কৰাৰো সুবিধা পায়।

Leave A Reply