Breaking

চিৰাঙত খেতিপথাৰতে নষ্ট শাক-পাচলি

0 229

পাণবাৰী

দেশত তৃতীয় পৰ্যায় লকডাউনৰ ফলত কৃষকৰ মাজত হাহাকাৰ হৈছে৷ লকডাউনৰ ফলত কৃষকৰ পাচলি পথাৰতে গেলি-পচি যাবলৈ ধৰাত চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত আলুখুন্দা অঞ্চলৰ কৃষকে মূৰে কপালে হাত দিব লগা হৈছে৷ উল্লেখ্য যে চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত বিষডোবা,১,২,৩ নং গৰাইমাৰী, বিচীমাৰী, নিজদামুগাঁও, আবগুৰী আদি অঞ্চলত শ শ বিঘা শাক-পাচলিৰ খেতিতে নষ্ট হৈ পৰিছে৷ মন কৰিব লগা যে বিলাহী, ভাত কেৰেলা, পটল, কোমোৰা, বেঙেনা, নেমু, কল, জিঙা আদি খেতিপথাৰতে পচিবলৈ ধৰিছে। ইফালে কুচলাইগুৰি গাঁৱত কৃষকসকলে এই বিলাহী খেতিৰ পৰা এটা বিলাহীও বিক্ৰী কৰিব পৰা নাই বজাৰত। বন্ধৰ ফলত খেতিপথাৰতে নষ্ট হৈছে পাচলী৷ একমাত্ৰ কৃষি প্ৰধান অঞ্চলত চৰকাৰে কৃষকসকলৰ কাৰণে বিভিন্ন আঁচনি ঘোষণা কৰে যদিও এই অঞ্চলবোৰত চৰকাৰৰ কোনো আঁচনিয়ে স্পৰ্শ নকৰে। লকডাউনত সকলোৱেই ঘৰত আবদ্ধ হৈ থকাৰ বাবে পাচলি কিনিবলৈ মানুহ নাই৷ যফলত কৃষকে মূৰে কপালে হাত দিব লগা অবস্থা হৈছে। বিজনী জিলা এবিএমছুয়ে এই কৃষকসকলক ক্ষতিপূৰণ দিবলৈ চৰকাৰক দাবী জনাইছে৷

Leave A Reply