Breaking

চৰকাৰী অনুষ্ঠানত বাদ পৰিল সুস্বাদু খাদ্য, চাহ বিস্কুট পানীৰে অতিথিক অপ্যায়নৰ নিৰ্দেশ…

0 70

এতিয়াৰে পৰা চৰকাৰী অনুষ্ঠানত দেখা পোৱা নাযাব সুস্বাদু বিৰিয়ানী, মাংস পোলাও। ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰা এক নিৰ্দেশ মৰ্মে চৰকাৰী অনুষ্ঠানত নিমন্ত্ৰিত অতিথিক খোৱা পানী, চাহ আৰু বিস্কুটেৰে অধ্যায়ন কৰিব লাগিব। উল্লেখ্য যে ইতিপূৰ্বে চৰকাৰী অনুষ্ঠানত বিভিন্ন জুতিলগা খাদ্যৰ পয়োভৰ হোৱাৰ সমান্তৰালকৈ লোকচানো কৰিছিল।

ইয়াৰ বাবদ চৰকাৰী ধনৰো যথেষ্ট অপব্যয় হৈছিল। শেহতীয়াকৈ চৰকাৰে ব্যয় সংকোচনৰ বাবে এলানী নীতি নিৰ্দেশনা জাৰি কৰাৰ লগতে স্বয়ং মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ চৰকাৰী অতিথিশালাত এনিশা কটাই নিজেই নিজৰ ব্যয় বহন কৰিছিল। শেহতীয়াকৈ সাধাৰণ প্ৰশাসন বিভাগে চৰকাৰী ব্যয় সংকুচিত কৰাৰ উদ্দেশ্যে নিমন্ত্ৰিত অতিথিক চাহ বিস্কুটেৰেই অপ্যায়ন কৰিবলৈ নিৰ্দেশ দিয়া বুলি চৰ্চা লাভ কৰিছে।

Leave A Reply