Breaking

হোজাইত বহিঃৰাজ্যৰ পৰা অহা লোকক ২৮ দিন গৃহ কোৱাৰেণ্টাইন

0 90

লংকা

 সমগ্ৰ দেশতে মঙলবাৰৰ পৰা চলাচল আৰম্ভ হোৱা শ্ৰমিক ৰে’লসমূহ হোজাই জিলাত উপস্থিত হোৱাৰ পিছত ল’বলগীয়া পদক্ষেপৰ বিষয়ে হোজাই  উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। জিলাখনৰ সমূহ ৰে’ল ষ্টেচনত  যাতায়াতৰ সকলো পথ চীল কৰি যাতায়াতৰ বাবে কেৱল এটা পথহে  খোলা ৰখাৰ ব্যবস্থা কৰা,  বহিঃৰাজ্যৰ পৰা অহা ব্যাক্তিসকলৰ সঠিকভাৱে স্ক্ৰীণ আৰু ষ্টাম্পিং কৰাৰ লগতে ২৮ দিনৰ বাবে গৃহ কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰাৰ বাবে চিকিৎসা বিভাগ আৰু আৰক্ষী প্ৰশাসনক সষ্টম হৈ থাকিবলৈ উপায়ুক্তই আহবান জনায়। তদুপৰি সম্প্ৰতি জিলাখনত গৃহ কোৱাৰেণ্টাইন হৈ থকা ব্যক্তিসকলৰ দৈনিক স্বাস্থ্যৰ বুজ বুজ আশাকৰ্মী, স্বাস্হ্য কৰ্মী, নাৰ্চ আৰু ভি ডি পিসকলে পৰ্যবেক্ষণ কৰাৰ লগতে ৰাইজৰ সচেতনতাৰ বাবে ধাৰাবাহিকভাৱে প্ৰচাৰৰ ব্যবস্থা ল’বলৈ নিৰ্দেশ প্ৰদান কৰে। তদুপৰি স্ক্ৰীণিঙৰ সময়ত যিসকল ব্যক্তিৰ শৰীৰত কভিড-১৯ বেমাৰৰ লক্ষণ দেখা যাবে তেওঁলোকক কভিড-১৯ সেৱা কেন্দ্রত ৰখাৰ ব্যবস্থা কৰা হ’ব। আনহাতে সভাখনত  জিলাৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত উপায়ুক্তসকল,  চক্র বিষয়া আৰু আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ উপস্থিতিত জিলাখনৰ আইন শৃঙ্খলা পৰিস্থিতি সম্পর্কত পৰ্যালোচনাও কৰে।

Leave A Reply