Breaking

কংগোত স্বৰ্ণ খনি খহি ৫০ জনৰ মৃত্যু

0 1,281

দৈনন্দিন বাৰ্তা ডেস্ক : কংগোৰ পূৱৰ কামিতুগাৰ ওচৰত শুকুৰবাৰে বিয়লি এটা স্বৰ্ণ খনি খহি পৰাত কমেও ৫০ জন লোকৰ মৃত্যু হয় ৷ স্থানীয় খনাৰ এনজিঅ’ই এই কথা জনাইছে ৷ প্ৰৱল বৰষুণৰ ফলত স্থানীয় সময় ৩ বজাত (ভাৰতীয় সময় ১৩ বজাত) ‘ডেট্রয়েট’ খনিৰ গুহাত ঘটনাটো সংঘটিত হয় বুলি মন্তব্য কৰিছে ইনিটেটিভ অব ছাপৰ্ট এণ্ড ছচিয়েল ছুপাৰভিজন অব ৱমেনৰ সভানেত্ৰী এমিলিয়ান ইটংৱাই ৷ কেইবাজনো খনিৰ ভিতৰত আছিল আৰু কাকোৱেই উলিয়াই আনিব পৰা নগ’ল ৷ তাত ৫০ জন লোক আছিল ৷ এইদৰে সভানেত্ৰীগৰাকীয়ে কয়৷ ছচিয়েল মিডিয়াত ফটো আৰু ভিডিঅ’বোৰত কেইবাশ লোকক দেখা গৈছে যিসকলে খনিৰ প্ৰৱেশদ্বাৰৰ আশেপাশে এটা পাহাৰৰ ওপৰত আছে ৷ কোম্পানীটোৰ মুখ্য কাৰ্যবাহীজনে কয় যে খনিটো কানাডিয়ান খনিজ বানৰো ক’ৰপ’ৰেচনৰ মালিকাধীন ৷ উল্লেখ্য যে যোৱা বছৰৰ অক্টোবৰ মাহত ভূমিস্খলনত ১৬জন লোকৰ মৃত্যু হৈছিল ৷ আনহাতে তাম আৰু ক’বাল্টৰ অবৈধ খনিত ভূমিস্খলন হোৱাত যোৱা বছৰৰ জুনত ৪৩জন লোকৰ মৃত্যু হৈছিল ৷

Leave A Reply