Breaking

হোজাইত কোৱাৰেণ্টাইনৰ ভয়ত চলন্ত ৰেʼলৰ চেইন টানি পলোৱাৰ চেষ্টা ৫৬ জন যাত্ৰীৰ।

0 62

হোজাই

 মুম্বাইৰ পৰা ডিব্ৰুগড়লৈ যাত্ৰী কঢ়িয়াই অনা যাত্ৰীবাহী ৰেলৰ চেইন টানি পলায়নৰ চেষ্টা হোজাই জিলাৰ বহু যাত্রীৰ।নিশা দুই বজাত হোজাই ৰে’ল ষ্টেচন পাৰ হোৱাৰ কিছু মূহুৰ্তৰ পাছতেই হঠাৎ ৰেলখনৰ চেইন টানি পলায়নৰ চেষ্টা চলাইছিল হোজাই জিলাৰ বহু যাত্রীয়ে। পলায়নৰ চেষ্টা চলোৱা যাত্ৰী সকলৰ ভিতৰত ৫৬ জনক হোজাই CRF আৰু আৰক্ষীয়ে লগে লগে ধৰিবলৈ সক্ষম হয় । তাৰে ভিতৰত মোৰাঝাৰৰ থানাৰ অন্তৰ্গত ৩১ জন, লংকা থানাৰ অন্তৰ্গত ১৬ জন, যমুনামুখ থানাৰ অন্তৰ্গত ২ জন, হোজাই থানাৰ অন্তৰ্গত ২ জন, ডবকা থানাৰ অন্তৰ্গত ৪ জন আৰু খেৰনী কাৰ্বি আংলঙৰ ১ জন যাত্ৰী আছিল। পলায়ন কাৰি যাত্ৰী সকলৰ ভিতৰত এগৰাকী মহিলাসহ শিশু আছিল।মুম্বাইৰ পৰা অহা এই যাত্ৰীসকলৰ অধিকাংশই শ্ৰমিক আছিল।যাত্ৰী বাহী ৰেলখনৰ পৰা আৰু কিমান জন লোক পলায়ন কৰিছে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও পলায়নৰ চেষ্টা চলোৱা ৫৬ গৰাকী যাত্ৰীক আবদ্ধ কৰি আটাইকে কোৱাৰেণ্টাইন চেণ্টাৰত ৰখাৰ ব্যৱস্থা কৰিছে হোজাই প্ৰশাসনে।নিশা দুই বজাত সংঘটিত হোৱা এই ঘটনাই হোজাইত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল।

Leave A Reply