Breaking

১৫ দিনৰ অন্তত আন্দোলন সাময়িক ভাৱে প্ৰত্যাহাৰ শিলসাঁকোৰ উচ্ছেদিত ৰাইজৰ…

0 43

আজি ১৫ দিনৰ অন্তত আন্দোলন সাময়িক ভাৱে প্ৰত্যাহাৰ শিলসাঁকোৰ উচ্ছেদিত ৰাইজৰ।
শীঘ্ৰে পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ নিদিলে আকৌ তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ।
মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান শিলসাঁকোৰ উচ্ছেদিত প্ৰতিটো পৰিয়ালৰ পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণৰ দাবীত ৰূপায়ণ কৰি থকা অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী আজি পোন্ধৰ দিনৰ অন্তত সময়িকভাৱে প্ৰত্যাহাৰ কৰিছে শিলসাঁকোৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজে। আজি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃত্তিত শিলসাঁকোৰ পাৰৰ

উচ্ছেদ প্রতিৰোধী ৰাইজৰ প্ৰতিনিধি গায়ত্ৰী বৰি, অৰ্চনা টাইদ, মমিনা বেগম, ছায়া মোছাহাৰী আৰু বিতুমণি দাস বেগমে কয় যে, যোৱা ২১ ফেব্ৰুৱাৰীৰ পৰা আমি শিলসাঁকোৰ উচ্ছেদিত থলুৱা পৰিয়ালসমূহে পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণৰ দাবীত ধাৰাবাহিক ভাৱে ৰূপায়ন কৰি থকা প্রতিবাদী কাৰ্যসূচী সময়িকভাৱে স্থগিত ৰাখিছো।

কাৰণ আমাৰ এই আন্দোলনৰ মাজতে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকাই শীঘ্ৰেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত উচ্ছেদিত ৰাইজৰ প্ৰতিনিধি বৰ্গৰ এখনি আলোচনাত অনুষ্ঠিত কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আমি ইতিমধ্যে আমাৰ প্ৰতিনিধিৰ তালিকা প্ৰেৰণ কৰিছো। আশা কৰিম এক সপ্তাহৰ ভিতৰত আমাৰ লগত মুখ্যমন্ত্ৰীৰে বৈঠক অনুষ্ঠিত হ’ব। আমাৰ কথা স্পষ্ট যদিহে আমাৰ দাবী চৰকাৰে মানি নলয় তেন্তে আমাৰ আন্দোলন অধিক তীব্ৰতৰ হ’ব বুলি জানিবলৈ দিয়া উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ প্ৰতিনিধি বৰ্গই। আজিৰ প্রতিবাদী কাৰ্যসূচীৰ শেষত পুনৰ এখন স্মাৰকপত্ৰ প্ৰদান কৰা হয়।

Leave A Reply