Breaking

শেষ মুহূৰ্তত অথন্তৰ ! তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিব নোৱাৰিলে সুনীতা উইলিয়ামছে…

0 22

শেষ মুহূৰ্তত অথন্তৰ ! তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিব নোৱাৰিলে সুনীতা উইলিয়ামছে

ভাৰতীয়-আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছৰ মহাকাশ অভিযান শেষ মুহূৰ্তত বাতিল কৰা হৈছে। তেওঁ মঙলবাৰে তৃতীয়বাৰৰ বাবে মহাকাশ ভ্ৰমণ কৰাৰ কথা আছিল। অৱশ্যে, মহাকাশলৈ যাত্ৰা কৰাৰ পূৰ্বেই তেওঁৰ যাত্ৰা যাত্ৰা পিছুৱাই দিয়া হয়। পূৰ্ব পৰিকল্পিত অভিযান কিয় স্থগিত কৰা হৈছে এই মহাকাশ অভিযান পুনৰ কেতিয়া হ’ব? বিজ্ঞানীসকলে কি কয়? সোমবাৰে নিশাই মহাকাশচাৰী কঢ়িয়াই নিয়া কেপচুলটো কক্ষপথলৈ উৎক্ষেপণৰ বাবে সাজু কৰা হৈছিল। কিন্তু এটলাছ ভি ৰকেটখনত দেখা দিয়া কাৰিকৰী বিজুতিৰ বাবে বোয়িঙৰ ষ্টাৰলাইনাৰ মহাকাশযানৰ দীৰ্ঘদিনীয়া প্ৰতীক্ষিত প্ৰথম ক্ৰুড পৰীক্ষামূলক উৰণ কমেও ২৪ ঘণ্টাৰ বাবে বন্ধ কৰি দিয়া হৈছিল।

যান খনৰ অক্সিজেন পৰিবাহী পাইপত দেখা দিয়া বিজুতিৰ বাবে উৰণ বাতিল কৰা হয়৷ সেয়ে মহাকাশচাৰীসকলক আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ (আইএছএছ) লৈ যোৱা চিএছটি-১০০ ষ্টাৰলাইনাৰৰ এই যাত্ৰা আৰম্ভনিতে থমকিবলগীয়া হয়। উল্লেখ্য ২০১৯ চনত আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ ষ্টাৰলাইনাৰৰ প্ৰথম আনক্ৰুড ফ্লাইট প্ৰেৰণৰ প্ৰচেষ্টাও বিফল হৈছিল। অহা ১০ মে’ত পুনৰ এই অভিযান চলোৱাৰ আশা আছে৷ উল্লেখ্য মঙলবাৰে পুৱা ৮:০৪ বজাত কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা ইউনাইটেড লঞ্চ এলায়েন্স এটলাছ ভি ৰকেট আৰু বয়িং ষ্টাৰলাইনাৰ মহাকাশযান উৎক্ষেপণ কৰাৰ কথা আছিল৷

এই অভিযানৰ বিষয়ে সুনীতা উইলিয়ামছে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত জানিবলৈ দিছিল যে, এইবাৰৰ অভিযানক লৈ তেওঁ উৎসাহিত, লগতে ইয়াকো কয় যে, এনেদৰে মহাকাশলৈ যোৱাটো ঘৰলৈ উভতি যোৱাৰ দৰে।ড° দীপক পাণ্ডিয়া আৰু বনী পাণ্ডিয়াৰ ঘৰত জন্মগ্ৰহণ কৰা সুনীতা উইলিয়ামছে পুনৰবাৰ ইতিহাস সৃষ্টি কৰিবলৈ সাজু হৈছে।২০০৬ আৰু ২০১২ চনত দুবাৰকৈ মহাকাশলৈ গৈছে সুনীতা উইলিয়ানছে। উইলিয়ামছে দুটা অভিযানত মুঠ ৩২২ দিন মহাকাশত কটাইছিল৷

Leave A Reply