Breaking

যোৰহাটত সূৰুয ড্ৰামাৰ ‘দোমোজা’লৈ দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি

0 2,167

নাটক চাবলৈ দৰ্শকৰ আগ্ৰহ নোহোৱা হ’ল বোলা অপবাদ নুই কৰিলে ৩১ অক্টোবৰৰ সন্ধিয়া সাংস্কৃতিক ৰাজধানী খ্যাত যোৰহাটৰ নাট্যানুৰাগীয়ে। আয়োজক অনুষ্ঠানৰ সুনাম থাকিলে, সময় মানি চলিলে, দৰ্শকক আপ্লুত কৰিব পাৰিলে নাটক চাবলৈ ৰাইজ আহিবই। সূৰুয ড্ৰামা প্ৰডাকচন ওৱৰ্কচৰ এই সকলো গুণেই আছে বাবে যোৰহাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ‘দোমোজা’ নাটকখনে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি পালে। ইয়াৰ মূলতে আছে আনুষ্ঠানিক নিয়ম নিষ্ঠাৰে মানি চলা সৰ্ব শৰীৰ নাট্য ৰসেৰে পূৰ্ণ হৈ থকা মানবেন্দ্ৰ শৰ্মা। নেপথ্যত আছে সচেতন সহযোগী সভাপতি বিনোদ গগৈৰ পূৰ্ণ সহযোগিতা। সেয়ে, ‘সূৰুয’ সোণালী দিনলৈ আগবাঢ়ি গৈ আছে। প্ৰতিষ্ঠা কালৰ সহযোগী অৰ্পণ শৰ্মা পাঠক, প্ৰবীণ সহযোদ্ধা চন্দন ঠাকুৰ, এখন হাত ৰঞ্জিত বৰদলৈ, অগ্ৰজ সংগী চঞ্চলজ্যোতি বৰদলৈ আৰু সূৰুয শুৱনি পূৰৱী শইকীয়াৰ সহযোগ তথা অভিনয়ে মানবেন্দ্ৰ শৰ্মাৰ ৰচিত-পৰিচালিত নাটক ‘দোমোজা’ত প্ৰাণ সঞ্চাৰ কৰে। নবীনক সুবিধা দিয়া সূৰুযৰ ৰেঙণি হৈ এইবাৰ উজলি উঠে চিমি শইকীয়া গন্ধীয়া, দিপন শইকীয়া আৰু নম্ৰতা বৰা। পূৰ্বে সংগী হোৱা দেৱজিৎ বৰা হয় এইবাৰো বিৰাজমান। মানবেন্দ্ৰ শৰ্মা নিজেও অভিন‌য়ত সোমাই থকাত নাটক ‘দোমোজা’ই দৰ্শকক বিশেষভাৱে আকৃষ্ট কৰিলে। সংগীতত প্ৰাণজিৎ শৰ্মা, মৃগাংক শইকীয়া, শব্দত সূৰুয শীল আৰু পোহৰত সূৰুয ড্ৰামা প্ৰডাকচন ওৱৰ্কচৰ নিজা নিয়ন্ত্ৰক অৰুণ দত্তই সহযোগিতা আগবঢ়ায়। পাৰ্থ প্ৰতিম শৰ্মা, ময়ূৰপংখী কাশ্যপ, অপৰাজিতা কাশ্যপ, পূৰ্ণিমা বৰদলৈ আদি নিজা শিল্পীসকল গ্ৰহস্বৰূপ হৈ থাকেই। তাৰোপৰি লাটু গগৈ, ধীৰাজ বৰুৱা, প্ৰফুল্ল প্ৰাণ গগৈ আৰু গংগা বিবাহ ভৱনৰ সহযোগ উল্লেখযোগ্য। সন্তান থাকিও বহু পিতৃ-মাতৃ অকলশৰীয়া হৈ কেনেকৈ থাকে, এবুকু কান্দোন হেঁচি ৰাখি আনক সুখ দেখুৱাবলৈ মুখত কেনেকৈ হাঁহি ধৰি ৰাখে তাৰেই বাস্তৱিক প্ৰতিফলন ঘটাইছে নাট্যকাৰ মানবেন্দ্ৰ শৰ্মাই ‘দোমোজা’ নাটকখনত। যিখন কেৱল এটা সন্ধিয়াৰ নাটক নহয়, জীৱনৰ অমূল্য পাঠ্যপুথি হয়।

Leave A Reply