Breaking

মাজুলীবাসীৰ বাবে ৬ আগষ্ট দিনটো স্মৰণীয় হৈ ৰ’ৱ। মাজুলী যোৰহাট সংযোগী দলঙৰ পথৰেখা সন্দৰ্ভত উপায়ুক্ত সভাকক্ষত প্ৰথম পৰ্যায় মতামত গ্ৰহণ

0 1,289

মাজুলি : অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলৈ স্থিৰ কৰা প্ৰস্তাৱিত “মাজুলী-যোৰহাট সংযোগী দলঙ”ৰ পথৰেখা (এলাইনমেণ্ট) সন্দৰ্ভত মাজুলী জিলাবাসীৰ মতামত গ্ৰহণৰ প্ৰক্ৰিয়া কালিৰ পৰা আৰম্ভ হৈছে। গড়কাপ্তানী বিভাগ (ৰাষ্ট্ৰীয় ঘাইপথ)ৰ যোৰহাট সংমণ্ডলে মাজুলী জিলা প্ৰশাসনৰ সহযোগত মাজুলীৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ক’ভিড-১৯ প্ৰ’ট’কল অনুসৰণ কৰি বৃহস্পতিবাৰৰ পৰা তিনিদিনিয়াকৈ মাজুলীবাসীৰ বহু আকাংক্ষিত এই দলঙৰ পথৰেখা প্ৰতিবেদনক লৈ মাজুলীত ৰাজহুৱা শুনানী গ্ৰহণৰ ব্যৱস্থা কৰিছে। গড়কাপ্তানী (ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগে দলঙখন নিৰ্মাণৰ বাবে ইতিমধ্যে বিস্তৃত অধ্যয়ন-জৰীপেৰে যুগুতোৱা ‘এলাইনমেণ্ট ৰিপ’ৰ্ট’ সন্দৰ্ভত ৰাজহুৱা মতামত গ্ৰহণৰ বাবে মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰীৰ অধ্যক্ষতাত কালি আয়োজিত প্ৰথম দিনাৰ শুনানিত মাজুলীৰ বিভিন্ন সত্ৰৰ অধিকাৰ তথা প্ৰতিনিধিৰ লগতে কেইবাখনো মহাবিদ্যালয়ৰ প্ৰতিনিধি, বিশিষ্ট নাগৰিক তথা দল-সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। শুনানীৰ আৰম্ভণিতে গড়কাপ্তানী (ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগৰ যোৰহাট সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা প্ৰশান্ত শইকীয়াই প্ৰস্তাৱিত দলঙখনৰ পথৰেখাৰ প্ৰতিবেদন (এলাইনমেণ্ট ৰিপ’ৰ্ট) উপস্থাপন কৰি জনাই যে দক্ষিণপাটৰ দীঘলীগাঁৱৰ পৰা যোৰহাটৰ দিশত জাঁজীমুখ হাতীশালক সংযোগ কৰি প্ৰায় ২৪৪২.০১ কোটি টকা প্ৰকল্প ব্যয়ৰে নিৰ্মাণ কৰিবলৈ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰস্তাৱ দাখিল কৰা এই দলংখনৰ মুঠ দৈৰ্ঘ্য হ’ব ৬.৭৫ কিলোমিটাৰ। একেদৰে, দলঙখন সংযোগী পথৰ ক্ষেত্ৰত মাজুলীৰ কমলাবাৰী চাৰিআলিৰ পৰা দক্ষিণপাট দীঘলীগাঁৱলৈ ১৫ কিলোমিটাৰ আৰু হাতীশালৰ পৰা যোৰহাটৰ বিজ্ঞান প্ৰযুক্তি কেন্দ্রৰ ওচৰত ৰাষ্ট্ৰীয় ঘাইপথ সংযোগ কৰাকৈ মুঠ পথৰ দৈঘ্য হ’ব ৩০.২ কিলোমিটাৰ। সভাত উত্তৰ কমলাবাৰী সত্ৰৰ অধিকাৰ জনাৰ্দন দেৱগোস্বামী, আধাৰ সত্ৰৰ অধিকাৰ মহেশ গোস্বামী, দক্ষিণপাট আশ্ৰমী সত্ৰৰ অধিকাৰ জনাৰ্দন দেৱগোস্বামী, চামগুৰি সত্ৰৰ তিলক গোস্বামীৰ লগতে আউনীআটী সত্ৰ, বেঙেনাআটী সত্ৰ, নতুন কমলাবাৰী সত্ৰ, মধ্য কমলাবাৰী সত্ৰ, এলেঙী সত্ৰ, ঔৱা সত্ৰ, দক্ষিণপাট সত্ৰসহ কেইবাখনো সত্ৰৰ প্ৰতিনিধিৰ উপৰি মাজুলী জিলা সাহিত্য সভাৰ প্ৰতিনিধি, বিজেপিৰ প্ৰতিনিধি, মাজুলী মহাবিদ্যালয়, পূৱ মাজুলী মহাবিদ্যালয় আদি একাধিক শিক্ষানুষ্ঠানৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰি মাজুলী-যোৰহাট সংযোগী প্ৰস্তাৱিত দলঙখন নিৰ্মাণৰ বাবে অসম চৰকাৰে লোৱা পদক্ষেপৰ লগতে গড়কাপ্তানী(ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগে যুগুতোৱা দলঙৰ এই পথৰেখালৈ পূৰ্ণ সমৰ্থন আগবঢ়ায়। সভাত মাজুলী-যোৰহাট সংযোগী প্ৰস্তাৱিত দলঙে মাজুলীবাসীৰ বহু জ্বলন্ত সমস্যাৰ সমাধান কৰিব বুলি মত প্ৰকাশ কৰি উপায়ুক্ত কৈৰীয়ে এই দলঙৰ নিৰ্মাণ কাৰ্য সম্পন্ন কৰাৰ সময়ত মাজুলীৰ জৈৱ বৈচিত্ৰ্য সম্পূৰ্ণ সুৰক্ষিত কৰি ৰাখিবলৈও চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি সদৰি কৰে। সভাত উপায়ুক্ত কৈৰীৰ লগতে অতিৰিক্ত উপায়ুক্ত নৰেণ দাস আৰু সহকাৰী আয়ুক্ত ড০ ৰাকেশ চেত্ৰীয়ে জিলা প্ৰশাসনক প্ৰতিনিধিত্ব কৰে। উল্লেখ্য যে, তিনিদিয়াকৈ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা এই ৰাজহুৱা শুনানীৰ কাইলৈ অনুষ্ঠিতব্য দ্বিতীয় দিনাৰ শুনানীত মাজুলীৰ আন বহুকেইটা জাতীয় সংগঠন-দল, সাংবাদিক সংগঠন আদিৰ প্ৰতিনিধিক আমন্ত্ৰণ জনোৱা হৈছে। একেদৰে, তৃতীয় দিনাৰ শুনানীত মাজুলীৰ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলৰ মতামত গ্ৰহণ কৰা হ’ব।

Leave A Reply