Breaking

ডাকুৱা উচ্চ মাধ্যমিক বিদ্যালয়ত আগষ্টিযাৰ বিজ্ঞান মেলা…

0 44

ডাকুৱা উচ্চ মাধ্যমিক বিদ্যালয়ত আগষ্টিযাৰ বিজ্ঞান মেলা

ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত এক শিক্ষানুষ্ঠান ডাকুৱা উচ্চ মাধ্যমিক বিদ্যালয়ত আজিৰ পৰা অনুষ্ঠিত হয় বিজ্ঞান মেলা।

আগষ্টিয়া ইণ্টাৰনেচনেল ফাণ্ডেচন , বিটিআৰ চৰকাৰৰ জ্ঞান চৌৰাং বিথাংখিয়ে ছাত্ৰ – ছাত্ৰীক বিজ্ঞান শিক্ষাৰ প্ৰতি ধাউতি বৃদ্ধি কৰা উদ্দেশ্য বিজ্ঞান মেলাৰ আয়োজন কৰা বুলি জানিবলৈ দিছে ডাকুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জয়ন্ত বাৰুৱে।

বিজ্ঞান মেলাত ডাকুৱা উচ্চ মাধ্যমিক বিদ্যালয়, দানস্বউৰাং হাইস্কুল , ডাকুৱা প্ৰাথমিক বিদ্যালয়, চৈবাৰী বিদ্যাপীঠ হাইস্কুল , পূৰ্বজ্যতি জাতীয় বিদ্যালয় আদিৰ ছাত্ৰ -ছাত্ৰী, অভিভাৱক, বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া উপস্থিত থাকি উৎফুল্লিত হয়।

বিজ্ঞান মেলাত বিদ্যালয়খনৰ ১৬ টা দলে বিভিন্ন প্ৰকল্প প্ৰদৰ্শন কৰে।

Leave A Reply