Breaking

আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামীক বিপুল আদৰণি

0 1,229

টেঙাখাত পূব মূঢ়ানী আমগুৰি নামঘৰত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামীৰ গায়ন বায়ন আয়তীৰ উৰোলিয়ে বিপুল আদৰণি।ডিব্ৰুগড় জিলা টেঙাখাত আৰক্ষী থানাৰ অধীনৰ পূব মূঢ়ানী আমগুৰি নামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত তথা অঞ্চলটোৰ কেইবাখনো গাঁৱৰ সহযোগত শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামী দেৱৰ ৯-১০ আৰু ১১ মাৰ্চত পূব মূঢ়ানী আমগুৰি নামঘৰত তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আধ্যাত্মিক বাহৰৰ ব্যৱস্থা কৰা হৈছে । আজি প্ৰথম দিনাৰ কাৰ্যসূচী মৰ্মে পূৱা পৰিবেশ নিকাকৰণ কাৰ্যসূচী সমাপণৰ পিছতে আদৰণি সমিতিৰ সভাপতি দূৰ্গা প্ৰসাদ উপাধ্যায়ে ধৰ্মধ্বজা উত্তোলন কৰে । লগে লগে বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ন কৰে মেধি হাতুলা বিৰেন্দ্ৰ লাহনে আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে জ্যেষ্ঠা গোপিনী নলিনী লাহনে ।আবেলি গায়ন বায়ন আয়তীৰ উৰুলিৰে এক দীঘলীয়া পথেদি জাতীয় সাজপাৰ পিন্ধি ডেকা বুঢ়া বুঢ়ী বোৱাৰী জীয়ৰী শিশু কিশোৰ আদি অসংখ্য ভক্তই দৃষ্টিনন্দন ভক্তিভৰা পৰিবেশৰ মাজেৰে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামীক পূব মূঢ়ানী আমগুৰি নামঘৰলৈ আদৰি অনা পৰিলক্ষিত হয় ।
লগে লগে সমাজকৰ্মী দাতা ভৈৰৱ লাহনৰ ।


নৱনিৰ্মিত বৃহৎ আকাৰৰ পূব মূঢ়ানী আমগুৰি নামঘৰটি গায়ন বায়ন আয়তিৰ উৰুলিৰ পৰিবেষৰ মাজত শুভাৰম্ভ কৰে সত্ৰাধিকাৰ ড° শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী দেৱে।পৰবৰ্তী সময়ত নামঘৰৰ মনিকূট স্থাপনৰ লগতে সত্ৰাধিকাৰ ড° শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামীৰ দেৱৰ লগত ভকত বৈষ্ণৱ গোপ- গোপিনী সকলৰ মত বিনিময় তথা সমূহীয়া প্ৰাৰ্থনা প্ৰথম দিনাৰ কাৰ্যসূচী সামৰণি কৰা হয় ।

Leave A Reply