Breaking

বিশ্বনাথৰ মহালক্ষীত বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা সভা

0 55

বিশ্বনাথৰ মহালক্ষীত বাল্য বিবাহৰ বিৰুদ্ধে এখন সজাগতা সভা দেওবাৰে ছেলাইখাতি আৰু মহালক্ষী গাওঁৰক্ষী বাহিনীৰ যুটীয়া উদ্যোগত সুকলমে অনুষ্ঠিত হৈ যায়৷

স্থানীয় গাওঁবুঢ়া ৰাজু তেৰাঙৰ সভাপতিত্বত আৰু মহালক্ষী গাওঁৰক্ষী বাহিনীৰ সম্পাদক দোলন ভুমিজৰ আঁত ধৰা বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা মুলক সভাত সমাজত বাল্য বিবাহ অভিশাপ স্বৰূপ হৈ পৰিছে বুলি উল্লেখ কৰা হয়৷

সুস্থ সবল সমাজ গঠনৰ ক্ষেত্ৰত এই বাল্য বিবাহে প্ৰতিবন্ধকতাৰ সৃষ্টি কৰাৰ লগতে বাল্য বিবাহৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিয়ে দেশ তথা সমাজৰ ক্ষতিসাধন কৰা বুলি সভাত চৰ্চা কৰা হয়৷

এই অনৈতিক আৰু অসাংবিধানিক কাৰ্যৰ বিৰুদ্ধে ৰাইজ সজাগ হ’লেহে নিৰ্মুল হ’ব বুলি প্ৰত্যেকে মত ব্যক্ত কৰে৷ এই ক্ষেত্ৰত প্ৰতি গৰাকী নাগৰিকে বাল্য বিবাহৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলি সুস্থ সবল সমাজ গঠন কৰাত সময়োপযোগী পদক্ষেপ গ্ৰহন কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে৷

সভাত বালিচাং আৰক্ষী চকীৰ হৈ কৈলাশ চন্দ্ৰ দাস, প্ৰধান শিক্ষক মিখাইল তিৰ্কী, অংগনবাদী কৰ্মীদ্বয় নিকুমনি দুৱৰা, সৰুফুলি ৰাভা, বালিচাং আৰু লচমনবস্তি গাওঁৰক্ষী বাহিনীৰ সম্পাদকদ্বয় জগন্নাথ কুৰ্মী, ৰেৱন শৰ্মাকে প্ৰমুখ্যে কৰি বিষয়ববীয়া সকল উপস্থিত থাকি বক্তব্য ৰাখে৷ শলাগৰ শৰাই আগবঢ়াই ছেলাইখাতি গাওঁৰক্ষী বাহিনীৰ সম্পাদক গোপাল তাঁতিয়ে৷

Leave A Reply