Breaking

ধুবুৰী ভাসানিচৰত নিচাজাতীয় টেবলেট ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা…

0 58

ধুবুৰী চৰবিদ্যাপাৰা দামে মছজিদৰ ওচৰত চৰবিদ্যাপাৰা নিচামুক্ত সমিতিৰ উদ্যোগত নিচা জাতীয় টেবলেট- ড্রাগছ সেৱন কৰা সকলৰ বিৰুদ্ধে স্থানীয় লোকে নিচাজাতীয় টেবলেট-ড্ৰাগছৰ বিৰুদ্ধে সজাগত সভা অনুষ্ঠিত কৰে। দৰাচলতে অনুষ্ঠিত সভাখনত সমাজত উঠি অহা নৱ-প্ৰজন্মৰ লগতে যুৱক সকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি সমাজৰ পৰা নিচাজাতীয় টেবলেট-ড্রাগ্‌ছ কেনেকৈ নিৰ্মূল কৰিব পৰা যায়, সেই সন্দৰ্ভত উপস্থিত থকা বিশিষ্ট ব্যক্তি তথা ধুবুৰী এই,এম,কো,ৰোড আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন ৰাউদে কিছু পৰামৰ্শ আগবঢ়ায়।

বিগত এটা সময়ত ঠাইখনৰ সুনাম আছিল, কিন্তু এতিয়া বদনাম হৈ পৰিছে। বর্তমান উক্ত অঞ্চলটোৰ বিভিন্ন ঠাইৰ যুৱক সকলেও নিচাজাতীয় টেবলেট-ড্রাগ্‌ছ সেৱন কৰি নিজৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিছে। উল্লেখ যে ভাষানীচৰ ৰাইজৰ সন্মান ৰক্ষা কৰাৰ দায়িত্ব ৰাইজৰ । একাংশই নিচাজাতীয় টেবলেট ড্রাগ্‌ছ সেবন কৰা আৰু টেবলেট-ড্রাগ্‌ছ ব্যৱসায়ীসকলে এই সুস্থ সমাজখন অশান্তিৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে বুলি আক্ষেপ প্রকাশ কৰে স্থানীয় সচেতন ব্যক্তি সকলে। আজিৰ সভাত নিচা মুক্ত কৰাৰ বাবে হামিদুল ইছলামক সভাপতি আৰু মোতালেৱ মণ্ডলক সম্পাদক হিচাবে লৈ ৪০ জনীয়া চৰবিদ্যাপাৰা নিচামুক্ত সমিতি গঠন কৰে। আজি বগুলামাৰীত সকলোৱে মিলি এখন শোভাযাত্ৰা উলিয়াই ড্ৰাগছ সেৱন আৰু বিক্ৰী বন্ধ কৰিবলৈ আহ্বান জনায়।

Leave A Reply