Breaking

শিলনীজানত গাহৰি পালকৰ মাজত সজাগতা সভা

0 115

দেওপানী

সমগ্ৰ বিশ্বতে মহামাৰী ক’ভিড-১৯য়ে মানৱ জাতিৰ ওপৰত যি সংহাৰী ৰূপ ধাৰণ কৰিছে তেনে সময়তে সমান্তৰালভাৱে বিভিন্ন পশু পক্ষী কুলৰ মাজতো বিভিন্ন ধৰণৰ বেমাৰে গা কৰি উঠিছে৷ বিশেষকৈ অসমৰ বিভিন্ন জিলাত পুহনীয়া গাহৰিৰ বিশেষ ৰোগৰ ফলত ইতিমধ্যে বহু গাহৰিৰ মৃত্যু হৈছে৷ পাহাৰীয়া জিলা কাৰ্বি আংলঙত বৰ্তমান সময়লৈকে জীৱ-জন্তু সমূহ মহামাৰী এই ৰোগৰ পৰা হাতসাৰি আছে যদিও কাৰ্বি আংলং জিলা স্বায়ত্ত্বশাসিত পৰিষদৰ সহযোগত আৰু জিলা পশুপালন বিভাগৰ তত্বপৰতাত বিভিন্ন অঞ্চলত পশুপালক ৰাইজৰ মাজত কেনেকৈ এই মহাসংকত কালত সাৱধানতাৰে উদ্ধাৰ পাব পাৰি তাৰ উদ্দেশ্যৰে সজাগতা সভা আয়োজন কৰা পৰিলক্ষিত হৈ পৰিছে৷ মঙলবাৰে বোকাজান মহকুমাৰ শিলনীজান স্হিত পশুধন চিকিৎসা কেন্দ্ৰত আয়োজিত পশুপালকসকলৰ এখনি আফ্ৰিকান ছুৱাইন ফিভাৰ সজাগতা সভাত উপস্থিত থাকে স্বায়ত্ত্বশাসিত জিলা পৰিষদৰ পশুপালন বিভাগৰ কাৰ্যবাহী সদস্য তৰেন্দ্ৰ বহ্ম, ২৪ নং দেওপানী পৰিষদীয় সমষ্টিৰ সদস্য মুকুট মহন্ত আৰু জিলা পশুপালন বিষয়া দিলীপ মহন্ত লগতে কেইবাগৰাকীও বিভাগীয় ব্যক্তি৷ শিলনীজান পশু চিকিৎসা কেন্দ্ৰৰ চিকিৎসক সত্য দত্ত চৌধুৰীৰ পৰিচালনাত সামাজিক ব্যৱধানেৰে অনুস্ঠিত হোৱা সভাত উপস্থিত থাকে অঞ্চলটোৰ প্ৰায় বিশগৰাকীকৈ গাহৰি পালক৷

Leave A Reply