Breaking

জিলা আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ উদ্যোগত সজাগতা সভা সম্পন্ন..

0 53

জিলা আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ উদ্যোগত সজাগতা সভা সম্পন্ন ৷ জিলা আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ উদ্যোগত আৰু জিলা মহিলা সবলিকৰণ আৰু জিলা শিশু সুৰক্ষা ইউনিট নগাঁৱৰ সহযোগত শুক্ৰবাৰে ফাকলি আৰু বৰঘাট গাঁও পঞ্চায়তত জুভেনাইল জাষ্টটিস্ক (শিশু যতন আৰু সুৰক্ষা) আইন ২০১৫ আৰু শিশু যতন আৰু সুৰক্ষা মডেল আইন ২০১৬ অধীনত এখনি সজাগতা সভা সম্পন্ন হয়। উক্ত সজাগতা সভাখনিত নগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব মনিকা মিছং উপস্থিত থাকি সমবেত মহিলা সকলক তেওঁলোকৰ শিশু সকলৰ সুৰক্ষা আৰু যতন তথা এই আইন দুখনৰ ওপৰত সাৱলীলভাবে ব্যাখ্যা আগবঢ়াই ৷

ইয়াৰ লগতে উপস্থিত মহিলা সকলক তেওঁলোকৰ শিশু সকলৰ শিক্ষা দিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ বিভিন্ন পৰামৰ্শ আগবঢ়াই ৷ সজাগতা সভাখনিত মহকুমা ন্যায়িক দণ্ডাধীশ প্ৰাৰ্থনা নেওঁগ,আইন সেৱা প্ৰাধিকৰণ নগাঁৱৰ ডেপুটি লিগেল এইড কাউন্সিলৰ গীতাৰ্থ কমল শইকীয়া,জিলা শিশু সুৰক্ষা বিষয়া অঞ্জলী আৰ্য্য উপস্থিত থাকি মহিলা সকলক শিশু সুৰক্ষা তথা সবলিকৰণৰ ওপৰত বহলৰূপত ব্যাখ্যা আগবঢ়াই ৷ সজাগতা সভাখনিত শতাধিক মহিলা উপস্থিত থাকে।

Leave A Reply