Breaking

জিলা আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ উদ্যোগত ‘আজাদী কা অমৃত মহোৎসৱ’ ৰ সজাগতা সভা

0 2,092

নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত অনুষ্ঠিত “আজাদী কা অমৃত মহোৎসৱ” শীৰ্ষক অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি জিলা আইন সেৱা প্ৰাধিকৰণৰ এটি সজাগতা শিৱিৰৰ আয়োজন কৰা হয় ৷ পুৱা দহ বজাত নগাঁও আদালৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশ নং ৩ কাৰ্যালয়ৰ প্ৰাংগনত উক্ত শিৱিৰটি মুকলি কৰে জিলা আইন সেৱা প্ৰাধিকৰণ নগাঁৱৰ সচিব মৃনাল নিউপানেই ৷ শিৱিৰ মুকলি কৰা অনুষ্ঠানত সচিব মৃণাল নিউপানে “আইন সকলোৰে বাবে” শীৰ্ষক এখন সূচনা পত্ৰৰ বিতৰণ কৰি অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ তৰফৰ আগবঢ়োৱা আৰু জিলা আইন সেৱা প্ৰাধিকৰণৰ দ্বাৰা কোন সকল লোকে আইনী সাহায্য লাভ কৰিব পাৰে, সেই সন্দৰ্ভত আলোকপাত কৰে ৷

ইয়াৰ ওপৰি আজাদি কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি জিলা আইন সেৱা প্ৰাধিকৰণ নগাঁৱৰ উদ্যোগত ২ অক্টোবৰৰ পুৱা নগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত গান্ধীজীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে জিলা আইন সেৱা প্ৰাধিকৰণ নগাঁৱৰ সচিব মৃণাল নিউপানেই ৷ লগতে গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজন কৰা এক পদযাত্ৰা অনুষ্ঠানত অংশগ্ৰহণ কৰে জিলা আইন সেৱা প্ৰাধিকৰণৰ বিষয়া-কৰ্মচাৰী সকলৰ ওপৰি নগাঁও আইন মহাবিদ্যালয় ছাত্ৰছাত্ৰী আৰু নগাঁও ছোৱালী মহাবিদ্যালয় ছাত্ৰী সকলে ৷ ইয়াৰ ওপৰি দুপৰীয়া নগাঁও আইন মহাবিদ্যালত আয়োজন কৰা হয় এক তৰ্ক প্ৰতিযোগিতা ৷

উল্লেখ্য যে,আজাদি কা অমৃত মহোৎসৱ শীৰ্ষক অনুষ্ঠানৰ লগত সংগতি ৰাখি জিলা আইন সেৱা প্ৰাধিকৰণৰ দ্বাৰা জিলা খনৰ প্ৰতিটো প্ৰান্তত মাহজোৰা এক বিস্তৃত কাৰ্য্যসুচীৰে বিভিন্ন সজাগতা মূলক কাৰ্য্যসুচী,দৰিদ্ৰ নিচলা,নিস্পেষিত,বঞ্চিত লোক সকলে বিনামূলীয়া আইনী সেৱা লাভ কৰাৰ সন্দৰ্ভত এনেদৰে আইনী শিৱিৰ আয়োজনৰ দিহা কৰা হৈছে বুলি আইন সেৱা প্ৰাধিকৰণ নগাঁৱৰ সচিব মৃণাল নিউপানেই জানিবলৈ দিছে ৷ আজিৰ এই শিৱিৰ মুকলি অনুষ্ঠানত জিলা আইন সেৱা প্ৰাধিকৰণৰ কৰ্মকৰ্তা সকল ক্ৰমে বিতুপন কোৱঁৰ,লিজা বৰা,দ্বীপেন শইকীয়া,আশ্বাদুল ইছলাম মুল্লা,পাপুমনি বৰা,জ্যোতিৰেখা কাকতি আদি উপস্থিত থাকে ৷ শিৱৰত শতাধিক দৰিদ্ৰ, নিচলা,বঞ্চিত,নিস্পেষিত,আইনী সাহায্যৰ পৰা বঞ্চিত লোকে অংশগ্ৰহণ কৰে ৷ 

Leave A Reply