Breaking

নলবাৰী চহৰৰ ৰাজনগৰত কʼৰণাৰ সজাগতা সভা

0 1,062

নলবাৰী : বৰ্তমান সময়ত সমগ্ৰ দেশজুৰি কৰণা ভাইৰাচৰ সন্ত্ৰাস অব্যাহত আছে। বিশ্বৰ আটাই দেশসমূহৰ ৰাজ্যৰ লগতে অসমৰ বিভিন্ন ৰাজ্যৰ জিলা সমূহত এতিয়া কৰণা ভাইৰাছ সন্দৰ্ভত ল’বলগীয়া সাৱধানতাৰ ওপৰত চৰকাৰ প্ৰশাসনৰ লগতে সচেতন ৰাইজে সামাজিক দূৰত্ব বজাই ৰাখি সজাগতা মূলত সভা অনুষ্ঠিত কৰাত পৰিলক্ষিত হৈছে। সেই মৰ্মে নলবাৰী জিলাৰ ৰাজনগৰৰ ৰাইজক সজাগ কৰিবলৈ আজি নলবাৰী চহৰৰ ১১ নং ৱা‍ৰ্ড দক্ষিণ ৰাজনগৰ অঞ্চলৰ বাসিন্দাসকলে বৰ্তমান নলবাৰী চহৰৰ কʼৰণা সংক্ৰমণ পৰিপ্ৰেক্ষিতত উদ্বিগ্নতা প্ৰকাশ কৰে। বৰ্তমান কʼৰণাৰ পৰিস্থিতিত সামাজিক সচেতনতাৰ গুৰুত্ব উপলব্ধি কৰি এই অঞ্চলৰ ৰাইজক ঐক্যবদ্ধভাৱে কʼৰণাৰ বিৰুদ্ধে যুঁজৰ সংকল্প লয়। নলবাৰী দক্ষিণ ৰাজনগৰ উন্নয়ন কমিটীৰ বীৰেশ মল্ল বৰুৱা আৰু গাওঁবুঢ়া কমল বৰ্মনৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই সজাগতা সভাত সমাজৰ গণ্য মান্য ব্যক্তি পৰেশ বৰ্মন, দেবাশীষ দত্ত, নিপন মজুমদাৰ, হিৰণ্য শৰ্মা আদিক লৈ সামাজিক দূৰত্ত্ব বজায় ৰাখি এখন সভা অনুষ্ঠিত কৰা হয়। সভাৰ উদ্দেশ্য বাখ্যা কৰি এই কৰণা ভাইৰাছৰ পৰা কেনেদৰে হাত সাৰিব পাৰি সেই সন্দৰ্ভত বক্তব্য প্ৰদান কৰে জিলা পৰিবহন বিষয়া কাৰ্যালয়ৰ জেষ্ঠ কাৰ্যালয় সহায়ক তথা সমাজ সেৱিকা বিভা দত্তই। উল্লেখ্য যে পৰবৰ্তী সময়ত কʼৰণা সংক্ৰান্তত হ’ব পৰা যিকোনো সমস্যাৰ পৰস্পৰে পৰস্পৰক সহায়-সহযোগিতা আগবঢ়াবলৈ এখন কমিটী গঠন কৰি দিয়া হয়।

Leave A Reply