Breaking

চাবুৱাত এন পি এছ কৰ্মচাৰী সন্থাৰ সজাগতা সভা সম্পন্ন

0 37

 মদাৰখাত, ১৮ ডিচেম্বৰ: চৰকাৰী কৰ্মচাৰীসকলৰ বাবে প্ৰৱৰ্তন কৰা নতুন পেন্সন নীতিৰ বিৰোধিতাৰে সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ ডিব্ৰুগড় জিলা সমিতিয়ে সমগ্ৰ জিলাখনতে সজাগতা সভা অনুষ্ঠিত কৰি আহিছে। ইয়াৰে অংশ হিচাপে চাবুৱাৰ হৰগুণৰায় ভেৰুদন প্ৰাথমিক বিদ্যালয়ত জিলা সমিতিৰ সভাপতি ডিম্বেধৰ চেতিয়াৰ সভাপতিত্বত সজাগতা সভাখন সম্পন্ন হয়। সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ ৰাজ্যিক সাংগঠনিক সম্পাদক মৌচুমী দেউৰী ফুকনে উপস্থিত ৰাইজক এন পি এছ কৰ্মচাৰী সন্থাৰ লক্ষ্য আৰু উদ্দেশ্যৰ সম্পৰ্কত বক্তব্য প্ৰদান কৰে। পুৰণি পেন্সন ব্যৱস্থাৰ পুনৰ বাহাল ৰখাৰ স্বাৰ্থতে সদৌ অসমভিত্তিক সাংগঠনিক ঐক্যৱদ্ধ হোৱাৰ গুৰুত্ব আৰোপ কৰে। পেন্সন ব্যৱস্থাটো ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰিব পৰাৰ সক্ষমতা থকাৰ কথা উল্লেখ কৰে। ৰাজ্য চৰকাৰৰ স’তে সহযোগিতাৰে এক আন্দোলন গঢ়ি তোলাৰ পোষকতা কৰে। ডিব্ৰুগড় জিলা এন পি এছ কৰ্মচাৰী সন্থাৰ সম্পাদক মনোজ মহনে নতুন পেন্সন নীতিৰ ভৱিষ্যত আৰু ভয়াবহতাৰ বিষয়ে তথ্যভিত্তিক আলোচনা আগবঢ়ায়। তেখেতে নতুন পেন্সন নীতিৰ আওতাত পৰা কৰ্মচাৰীৰ অৱসৰৰ পাছতহে বহু কথা পোহৰলৈ অহাৰ কথা ব্যক্ত কৰে। চাবুৱাস্থিত ডায়েটৰ নীলমণি টেৰণে প্ৰথম অৱস্থাত নতুন পেন্সন নীতি খুওব সুন্দৰ বুলি ভাবিছিল যদিও কিছু বছৰৰ পাছত কথাখিনি স্পষ্ট হোৱাতহে ইয়াৰ ভয়াবহতাৰ কথা কয়। জিলা সমিতিৰ মুখ্য সংগঠক সুকুমাৰ ঘোষে নতুন পেন্সন নীতিৰ অধীনত অৱসৰ গ্ৰহণ কৰা এগৰাকী কৰ্মচাৰীৰ প্ৰাপ্যৰ সন্দৰ্ভত এজন কৰ্মচাৰীয়ে কিমান পৰিমাণৰ মাহিলী পেন্সন পাব তাৰ তুলনামূলক বিস্তৃত বিশ্লেষণ আগবঢ়ায়। চাবুৱা ডি ডি আৰ মহাবিদ্যালয় প্ৰবক্তা পুৰন্দৰ গোঁহাইয়ে এন পি এছৰ সামগ্ৰিক প্ৰতিচ্ছবিখন সভাত ব্যাখ্যা আগবঢ়াই পুৰণি পেন্সনৰ বাহালৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনায়। সভাতেই নন্দৰাম তাঁতীক সভাপতি, অমৰজ্যোতি দিহিঙীয়াক উপ সভাপতি, অংকুৰ দত্তক সম্পাদক, প্ৰশান্ত কোঁৱৰক  সহকাৰী সম্পাদক হিচাপে লৈ চাবুৱা আঞ্চলিক সমিতিখন গঠন কৰা হয়।

Leave A Reply