Breaking

টেঙাখাতত এন পি এছ কৰ্মচাৰী সন্থাৰ সজাগতামূলক সভা

0 1,131

অনলাইন বাৰ্তা,৬ ডিচেম্বৰ : সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সজাগতামূলক সভা অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলা চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ সভাপতি ডিম্বেধৰ চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ডিব্ৰুগড় হনুমানবক্স সুৰযমল কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক, ডিব্ৰুগড় জিলা সমিতিৰ মুখ্য উপদেষ্টা ড° জয়দ্বীপ গগৈয়ে ২০০৪ চনৰ পিছৰে পৰা কাৰ্যকৰী হোৱাকৈ নতুন পেন্সন নীতি কেতিয়াও কৰ্মচাৰীৰ হিতৰ বাবে নহয় বুলি কয়। চাকৰিৰ তাগিদাত নতুন পেন্সন নীতিৰ চৰ্ত মানি লৈ চাকৰিত যোগদান কৰা হয় যদিও সময়ৰ লগে লগে নতুন পেন্সন নীতিৰ ভিতৰুৱা কথাবোৰ উন্মোচিত হোৱাৰ হেতুকে কৰ্মচাৰীৰ ভৱিষ্যত যে অসুৰক্ষিত সেয়া স্পষ্ট হৈ পৰিছে। অৱসৰ গ্ৰহণৰ অন্তত দেখা দিয়া সমস্যাবোৰে সকলোকে ভবাই তুলিছে বুলি কয়। ডিব্ৰুগড় জিলা চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ কাৰ্যকৰী সভাপতি, ডিব্ৰুগড় হনুমানবক্স কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক ড° কেশৱানন্দ হালৈয়ে বিশদ আলোচনা আগবঢ়ায়। এন পি এছৰ ভয়াবহতা আৰু কৰ্মচাৰীৰ প্ৰাপ্যৰ সম্পৰ্কত পুংখানুপুংখভাৱে তথ্য সহকাৰে অৱগত কৰে। পুৰণি পেন্সন নীতি আৰু নতুন পেন্সন নীতিৰ তুলনামূলক পৰ্যালোচনা কৰে। অৱসৰ গ্ৰহণৰ অন্তত উৎপাদনশীলতা নথকাৰ কথা দোহাই দি বঞ্চিত কৰিছে। OASIS, PFRDA, EPF, CRA, ASP ৰ সম্পৰ্কতো বিস্তৃতভাৱে আলোচনা কৰে। সভাত উপস্থিত থকা বিভিন্ন বিভাগৰ এন পি এছ কৰ্মচাৰীসকলে তেখেতসকলৰ মনৰ ভাৱ প্ৰকাশ কৰি মত বিনিময় কৰে। অৱসৰ গ্ৰহণ লোৱাৰ পিছৰে পৰা আমাৰ সমস্যাসমূহ দেখা পোৱা যাব গতিকে আমি আমাৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত আৰু জীপন যাপন কৰাৰ অধিকাৰ ৰক্ষা কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে। সেয়ে সকলোকে এক আন্দোলনৰ পোষকতা কৰি আগবাঢ়িবৰ বাবে আহ্বান জনায়। আমাক পুৰণি পেন্সনৰ সুবিধাখিনি লাগিবই বুলি কয়। সভাত দিহিংহোলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক দিলিপ কুমাৰ গগৈয়ে তেখেতৰ অসুবিধাসমূহ ব্যক্ত কৰাৰ লগতে পুৰণি পেন্সন পুনৰ বাহাৰ ৰাখিবৰ বাবে এক জন আন্দোলন গঢ়ি তোলাৰ পোষকতা কৰি কৰ্মচাৰীৰ অৱসৰকালীন সময়খিনি সুন্দৰ কৰি তুলিবলৈ আহ্বান জনায়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মী সন্থাৰ সহকাৰী সম্পাদক জয়ন্ত কুমাৰ গগৈয়ে নতুন পেন্সন নীতিৰ ভয়াবহতা অৱগত কৰি পৰৱৰ্তী সময়ত লক্ষ্যপ্ৰাপ্তিৰ দিশে অগ্ৰসৰ হোৱাত মত প্ৰকাশ কৰে। সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ কৰ্মসূচীত সদায় সহযোদ্ধা হিচাপে থিয় দিব ব্যক্ত কৰে। সকলো শ্ৰেণীৰ কৰ্মচাৰীৰ প্ৰতি চৰকাৰ দায়বদ্ধতা প্ৰদৰ্শন কৰিবলৈ দাবী জনায়। এইক্ষেত্ৰত সকলো কৰ্মচাৰীৰ সংগঠনসমূহেও উদ্যোগ লোৱাৰ বাবে আগবাঢ়িব লাগে বুলি কয়। শতাধিক কৰ্মচাৰীৰ উপস্থিতিত লোহিত গগৈক সভাপতি, গুণিন ৰাজখোৱাক উপ-সভাপতি, শান্তনু বৰুৱাক সম্পাদক, পুলেন মৰাণক সহ সম্পাদক, প্ৰবীণ কুমাৰ গগৈ, কুঞ্জ গগৈ, অশ্বিনী গগৈক সাংগঠনিক সম্পাদক, দুৰ্লভ লাহনক কোষাধ্যক্ষ হিচাপে লৈ কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়। সভাৰ উদ্দেশ্য ব্যাখ্যাত ডিব্ৰুগড় জিলা সমিতিৰ কাৰ্যনিৰ্বাহক যুগল কোঁৱৰে জনপ্ৰতিনিধিৰ পেন্সনৰ ব্যৱস্থা কৰি কৰ্মচাৰীৰ প্ৰতি অনীহা প্ৰকাশ কৰাৰ অভিযোগ কৰি কৰ্মচাৰীৰ প্ৰতি সদয় হ’বলৈ আহ্বান জনায়। ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক মনোজ মহনেও বক্তব্য আগবঢ়ায়। সভাত ৰাজ্যিক সাংগঠনিক সম্পাদক মৌচুমী দেউৰী ফুকন, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মী সন্থাৰ সাংগঠনিক সম্পাদক বিশ্বজিত গগৈ, টেঙাখাত মহাবিদ্যালয়ৰ প্ৰবক্তা মৃদুল বণিয়া, ডিব্ৰুগড় জিলা সমিতিৰ সহকাৰী সম্পাদক নন্দৰাম তাঁতী, কাৰ্যনিৰ্বাহক সুকুমাৰ ঘোষ উপস্থিত থাকে। সভাৰ আঁত ধৰে নন্দৰাম তাঁতী আৰু আহ্বায়ক পুলেন মৰাণে। উক্ত অনুষ্ঠানতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মী সন্থাৰ সহকাৰী সম্পাদক জয়ন্ত কুমাৰ গগৈয়ে বিদ্যালয়ৰ চৌহদত দুটি গছপুলি ৰোপন কৰে। উল্লেখ্য যে তেখেতৰ নিজাববীয়া প্ৰচেষ্টাত যোৱা ৫ জুন বিশ্ব পৰিৱেশ দিৱসৰ পৰাই প্ৰতিদিনে অসমৰ বিভিন্ন জিলাৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তত এই কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। আজি ১৮৬ দিনত এই কাৰ্য সম্পন্ন হৈছে।

Leave A Reply