Breaking

ভক্তৰডবাত সমাজ কল্যাণ বিভাগৰ পোষণ মাহৰ সজাগতা সভা সম্পন্ন

0 2,050

সৰুক্ষেত্ৰী সমষ্টিৰ কয়াকুছিস্থিত পাকা বেতবাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত ভক্তৰডবা চক্ৰৰ  ৰাষ্ট্ৰীয় পোষণ মাহৰ সজাগতা সভা আজি ৮১২  নং নলীগাও প্ৰাথমিক বিদ্যালয়ত থকা ৯২ নং দক্ষিণ নলীগাও  অংগনৱাডী কেন্দ্ৰত অনুষ্ঠিত হৈ যায়। সজাগতা সভাৰ কাৰ্যসূচীৰ অংশ হিচাপে বৃক্ষৰোপন কৰে পাকা বেতবাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ উন্নয়ন বিষয়া কমল কুমাৰ শৰ্মাই। সভাত বিভিন্ন পুষ্টিকৰ আহাৰৰ প্ৰদৰ্শনী কৰে ভক্তৰডবা চক্ৰৰ অংগনৱাড়ী সকলে।৮১২ নং নলীগাও প্ৰাথমিক বিদ্যালয়য সহকাৰী শিক্ষক আব্দুছ ছামাদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত পাকা বেতবাৰী সংহত শিশু উন্নয়ন বিষয়া কমল কুমাৰ শৰ্মা , পোষন সমন্বয়ক সৌৰভ কুমাৰ দাস,পোষণ সহায়ক ননি গোপাল গোস্বামী, ভক্তৰডবা চক্ৰৰ মুখ্য সেৱিকা জুৰি দাস, ভক্তৰডবা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এ এন এম ৰমেনা খাতুন, ভক্তৰডবা চক্ৰৰ ৩০ গৰাকীকৈ অংশগ্ৰহণ কৰে। সভাত প্ৰকল্প বিষয়া গৰাকীয়ে নিজৰ ভাষণত পোষণ উপলক্ষে কৰ্মী তথা সহায়িকাসকলে গৰ্ভৱতী, শিশুসকলৰ মাজত পুষ্টিকৰ খাদ্য সম্পৰ্কে সজাগতা  আনিবলৈ আহ্বান জনোৱাৰ লগতে সকলো কৰ্মী তথা সহায়িকাসকলক নিজৰ নিজৰ দায়িত্ব সঠিকভাৱে পালন কৰিবলৈ আহ্বান জনায়।

Leave A Reply