Breaking

জলবায়ু পৰিৱৰ্তন আৰু অভিযোজন শীৰ্ষক সজাগতা সভা

0 47

ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান, নলবাৰী সম্প্ৰসাৰণ কেন্দ্ৰৰ উদ্যোগত আৰু তামুলপুৰ জিলাৰ কুমাৰীকাটাস্থিত জিলাখনৰ আগশাৰীৰ অন্যতম বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন ” নৱোদয় ফাউণ্ডেশ্বন”ৰ সহযোগত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত দেওবাৰে জলবায়ু পৰিবৰ্তন আৰু অভিযোজন শীৰ্ষক এখন সজাগতা সভা অনুষ্ঠিিত হৈ যায়।


সভাখনত সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰি তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক জগদীশ ডেকাই কয় যে – সাম্প্রতিক সময়ত বতৰৰ পৰিৱৰ্তনে সমাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ কৃষিক্ষেত্ৰৰ লগতে আমাৰ চৌদিশৰ প্ৰকৃতি আৰু জীৱ জগতৰ ওপৰতো কু প্ৰভাৱ পৰিছে ৷


জলবায়ুৰ পৰিবৰ্তনৰ ফলত প্ৰকৃতিৰ লগতে মানৱ জীৱনতো অভাৱনীয় হাৰত প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷ সেয়ে আমি আমাৰ চৌপাশ ৰ প্ৰকৃতি, জীৱবৈচিত্ৰ্য খিনি অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত উপস্থিত সকলোকে সজাগ আৰু সচেতন হ’বলৈ আহ্বান জনায়।

সভাত উপস্থিত আন এগৰাকী সমল ব্যক্তি গোপাল শীলে জলবায়ুৰ প্ৰভাৱৰ ফলত হোৱা ক্ষয় ক্ষতিৰ পৰা ৰক্ষা পাবলৈ কি দৰে ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা যায় তাৰ উপায়সমূহৰ বিষয়ে খৰচি মাৰি আলোচনা কৰে।

নৱোদয় ফাউণ্ডেশ্বনৰ সমন্বয়ক প্ৰীতম উপ্ৰেতিয়ে আতধৰা সজাগতা সভাখনত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বহু সংখ্যক শিক্ষক – শিক্ষয়িত্ৰীৰ লগতে বিদ্যালয়খনৰ প্রায় তিনি শতাধিক ছাত্র ছাত্রীয়ে অংশ গ্ৰহণ কৰে।

Leave A Reply