Breaking

তামুলপুৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ সহকাৰী সঞ্চালকৰ কাৰ্য্যালয়ত হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক সজাগতামূলক সভা…

0 1,597

তামুলপুৰ জিলাৰ সদৰস্থিত উদ্যোগ আৰু বাণিজ্য বিভাগৰ সহকাৰী সঞ্চালকৰ কাৰ্য্যালয়ত অধীক্ষক দুৰ্গা কিঙ্কৰ ভট্টাচাৰ্যৰ উদ্যোগত এখন হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক সজাগতামূলক সভা অনুষ্ঠিত হৈ যায়।

আজিৰ এই সভাখনত উদ্যোগ আৰু বাণিজ্য বিভাগৰ বিভিন্ন হিতাধিকাৰীসকলৰ উপস্থিতিত তেওঁলোকক ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ প্ৰতিঘৰ মানুহৰ ঘৰত জাতীয় পতাকাখন উৰুৱাবলৈ কোৱাৰ লগতে দৰিদ্ৰ লোকসকলক সামৰ্থ্য অনুযায়ী একোখনকৈ জাতীয় পতাকা উপহাৰ দিবলৈ অধীক্ষক গৰাকীয়ে আহ্বান জনাই কয় যে- যিহেতু আমি সকলো এইখন দেশৰ একো একোজন সু নাগৰিক গতিকে সেই দৰিদ্ৰ নিচলা লোকসকলেও নিজৰ গৌৰৱৰ জাতীয় পতাকাখন নিজৰ ঘৰত উৰুৱাই গৌৰৱান্বিত হব পৰাকৈ তেওঁলোকক সহায় কৰিব লাগে।

Leave A Reply