Breaking

জামুগুৰিহাটত জনতাৰ মাজত ক্ৰমাৎ হ্ৰাস সজাগ সচেতনতা : জনসাধাৰণৰ মুখত নাই মাস্ক, নাই সামাজিক দূৰত্ব

0 1,305

জামুগুৰিহাট : ৰাজ্যত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা দিনকদিনে বৃদ্ধি পাই অহাৰ বিপৰীতে ক্ৰমাৎ হ্ৰাস পাইছে একাংশ জনতাৰ মাজত সজাগ আৰু সচেতনতা নীতি নিয়ম ৷ আনহাতে আনলক ৪ ত চৰকাৰৰ নীতি নিৰ্দেশনাত যথেষ্ট শিথিলতা প্ৰদান কৰাত একাংশ লোকৰ মাজতো অসচেতনতা অধিক বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে ৷ মহামাৰী ক’ৰোনাৰ সংক্ৰমণৰ পৰা নিজৰ লগতে অন্য লোককো ৰক্ষা কৰিবৰৰ বাবে মুখত মাস্ক আৰু সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ বাবে চৰকাৰে বাৰে বাৰে আহবান জনোৱাৰ পিছতো সেই আহবানৰ প্ৰতি যেন একাংশ লোকে তিলমানো গুৰুত্ব নিদিয়াহে দেখা পোৱা গৈছে ৷ যাৰ বাবে দিনক দিনে বৃদ্ধি পাই আহিছে ক’ৰনাত আক্ৰান্তৰ সংখ্যা৷জামুগুৰিহাট নগৰতো জনসাধাৰণৰ মাজত এতিয়া যেন পূৰ্ৱৰ সেই সজাগ সচেতনতা ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে ৷ জামুগুৰিহাট ব্যৱসায়িক কেন্দ্ৰস্থলত এতিয়া গৰিষ্ঠসংখ্যক লোকৰ মুখত দেখা পোৱা নাযায় মাস্ক৷ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত,দৈনিক বজাৰত অথবা অন্যান্য অফিচ কাছাৰীত নাই কোনো সামাজিক দূৰত্ব ৷ গাঁত গাঁ লগাই ব্যৱসায়িক কেন্দ্ৰস্থলৰ পান-তামোলৰ দোকানেই হঁওক নতুবা গেলামালৰ দোকনতেই হঁওক; দোকানসমুহৰ সন্মুখত পূৰ্ৱে দেখা পোৱা আড্ডা মৰাৰ দৃশ্যও এতিয়া সুলভ হৈ পৰিছে জামুগুৰিহাটৰ কেন্দ্ৰস্থলত৷ যাৰবাবে ৰাজ্যৰ লগতে জামুগুৰিহাটতো নিতৌ বৃদ্ধি পাবলৈ ধৰিছে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা ৷ শোণিতপুৰ জিলাৰ ধলাইবিলস্থিত উত্তৰ জামুগুৰি খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ লগতে খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটোৰ অধিনস্থ জামুগুৰি পৰিপুৰক স্বাস্থ্যকেন্দ্ৰ আৰু ৰঙাচকুৱা ৰাজ্যিক চিকিৎসালয়ৰ স্বাস্থ্যকৰ্মী তথা চিকিৎসকসকলে নিজ নিজ এলেকাসমুহত নিৰবিচ্চিন্নভাৱেভাৱে চলোৱা ৰেপিড এন্টিজেন টেষ্টত বৰ্তমানলৈকে খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটোৰ অধিনত প্ৰায় তিনিশৰো অধিক লোক ক’ভিড ১৯ত আক্ৰান্ত হোৱাৰ খৱৰ পোৱা গৈছে ৷ আজিও জামুগুৰিহাটত হোৱা ৰেপিড এন্টিজেন টেষ্টত ১০ গৰাকী লোক ক’ভিডত আক্ৰান্ত হোৱা ফলাফল পোৱা গৈছে ৷ ক্ৰমাৎ চৰকাৰী নীতি নিয়ম তথা মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব আদিক যদি এইদৰে জনসাধাৰণে ভেঙুচালি কৰে তেন্তে অনাগত দিনত জামুগুৰিহাটতো ক’ভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকাই দেখা দিছে ৷ অৱশ্যে এইক্ষেত্ৰত প্ৰশাসন কিছু কঠোৰ হোৱাৰো প্ৰয়োজন আছে বুলি সচেতন লোকে মতপোষণ কৰিছে৷উল্লেখ্য যে জামুগুৰিহাটত দৈনিক ক’ভিড প্ৰট’কলসমুহ নমনা লোকৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে যদিও প্ৰশাসন তথা আৰক্ষীৰ লোকে কিন্তু চকু মুদা কুলিৰ ভাঁও ধৰাৰহে অভিযোগ উল্থাপিত হৈছে ৷ অন্য হাতেদি প্ৰশাসনে কভি’ডৰ কাৰনে লব লগিয়া সাৱধানতাৰ ওপৰত গুৰুত্ব দিয়াত কৈ জামুগুৰিহাটৰ বিভিন্ন অঞ্চলত হেলমেট লাইচেঞ্চ ইঞ্চুৰেঞ্চ পৰিক্ষা কৰি মোটা ধন বিছাৰি ৰাইজক হাৰাশাস্তি কৰা বুলি অভিযোগ পোৱা গৈছে।

Leave A Reply