যোগ গুৰুকুল অসমৰ সৌজন্যত আৰু ‘সৃষ্টি’ৰ সহযোগত মাজুলীত আয়ুৰ্বেদিক স্বাস্থ্য শিবিৰ সম্পন্ন…

প্ৰাচীন চিকিৎসা পদ্ধতি আয়ুৰ্বেদিক প্ৰণালীৰ আজিৰ সময়ত বহুখিনি উন্নত হৈছে ৷ এই চিকিৎসা পদ্ধতিৰে জনসাধাৰণৰ স্বাস্থ্য কি দৰে নিৰোগী কৰি ৰাখিব পাৰি আৰু ৰোগী সকলক আয়ুৰ্বেদিক চিকিৎসা প্ৰদান কৰাৰ উদেশ্যৰে শনিবাৰে মাজুলীৰ ভকতিদুৱাৰ আঞ্চলিক জ্যোতি ৰংঘৰত এটি বিনামূলীয়া আয়ুৰ্বেদিক স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয় ৷

যোগ গুৰুকুল অসমৰ সৌজন্যত তথা ‘সৃষ্টি’ এক সমন্বয় যাত্ৰাৰ সহযোগত অনুষ্ঠিত হোৱা এই স্বাস্থ্য শিবিৰত বহুকেইজন অভিজ্ঞ চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে সম্পূৰ্ণ বিনামূলীয়াকৈ ঔষধ প্ৰদান কৰে ।

Related Articles