Breaking

২০২৩ বৰ্ষৰ ভিতৰত আমাৰ দেশৰ আয়ুষ সামগ্ৰীয়ে ২৩ বিলিয়ন ডলাৰৰ বজাৰ দখল কৰিব: সৰ্বানন্দ সোণোৱাল

0 57

“আমাৰ দেশৰ আয়ুষ সামগ্ৰীয়ে ইতিমধ্যে বিশ্বৰ ১৮.২ বিলিয়ন ডলাৰৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। অহা ২০২৩ বৰ্ষৰ ভিতৰত আমাৰ আয়ুষ সামগ্ৰীয়ে ২৩ বিলিয়ন ডলাৰৰ বজাৰ দখল কৰিব বুলি আমি দৃঢ় বিশ্বাসী।” –  আয়ুৰ্বেদৰ প্ৰসাৰৰ ক্ষেত্ৰত নিৰৱচ্ছিন্ন সেৱা আগবঢ়াই অহা আয়ুৰ্বেদ ব্যাসপীঠৰ ৰূপালী জয়ন্তী বৰ্ষৰ সমাপন সমাৰোহত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এনেদৰে উল্লেখ কৰে। নাগপুৰৰ সুৰেশ ভট সভাগৃহত আয়োজিত এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক মোহনজী ভাগৱত, গোৱাৰ মুখ্যমন্ত্ৰী বৈদ্য প্ৰমোদ সাৱন্ত প্ৰমুখ্যে আয়ুষ মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াবৰ্গ আৰু বহুকেইগৰাকী আগশাৰীৰ বৈদ্য। 

ভাষণ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কয়, “পাঁচহাজাৰ বছৰীয়া আমাৰ ভাৰতীয় সভ্যতা-সংস্কৃতিৰ বুকুত নিহিত হৈ আছে বহু প্ৰাচীন পদ্ধতি আৰু ঐতিহ্য, পৰম্পৰা। তাৰেই এটি গুৰুত্বপূৰ্ণ অংশ হৈছে আয়ুৰ্বেদ। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শাসনভাৰ লোৱাৰপৰাই দূৰদৰ্শী দৃষ্টিভংগীৰে ভ’কেল ফ’ৰ ল’কেলৰ আহ্বান জনাই আহিছে, যাৰ ফলশ্ৰুতিত বিভিন্ন খণ্ডৰ লগতে আয়ুৰ্বেদকে ধৰি দেশৰ পৰম্পৰাগত চিকিৎসা তথা ঔষধি পদ্ধতিয়ে এতিয়া কেৱল ভাৰততে নহয়, বিশ্বব্যাপী জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। দেশৰ আয়ুষ খণ্ডত থকা সুযোগ-সম্ভাৱনাক উজ্জীৱিত কৰি তোলাৰ নিমিত্তে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবল নেতৃত্বত আয়ুষ মন্ত্ৰালয়ে বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আহিছে।”

তদুপৰি তেওঁ কয়, “আয়ুৰ্বেদ ব্যাসপীঠে যোৱা ২৫ বছৰ ধৰি সমৰ্পিত ভাবনাৰে ৰাষ্ট্ৰৰ সেৱা কৰি আহিছে। আয়ুৰ্বেদৰ প্ৰসাৰত তেওঁলোকে গ্ৰহণ কৰি অহা পদক্ষেপবোৰ অত্যন্ত শলাগনীয়। আয়ুৰ্বেদ ব্যাসপীঠৰ সৰ্বাংগীণ উত্তৰণ কামনা কৰিছোঁ। আয়ুৰ্বেদৰ শিক্ষা, গৱেষণা, বিজ্ঞানসন্মত অধ্যয়ন আৰু ইয়াৰ প্ৰসাৰৰ জৰিয়তে আমাৰ প্ৰাচীন চিকিৎসা তথা ঔষধি পদ্ধতিক আধুনিক দৃষ্টিভংগীৰে মূল্যাঙ্কন কৰাৰ লগতে এইক্ষেত্ৰত নিষ্ঠাৰে কাম কৰি যাবলৈ সংশ্লিষ্ট বিদ্যাৰ্থী, গৱেষক, বৈদ্য, আয়ুৰ্বেদ ঔষধ উৎপাদক আদি সকলোকে মই আন্তৰিকতাৰে আহ্বান জনাইছোঁ। ইয়াৰ বাবে আমি সকলোৱে মিলি সুপৰিকল্পিত কাৰ্যক্ৰম প্ৰস্তুত কৰিব লাগিব। ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থায়ো ভাৰতৰ পৰম্পৰাগত ঔষধি প্ৰণালীৰ গুৰুত্ব আৰু মহত্ব অনুধাৱন কৰি গুজৰাটৰ জামনগৰত স্থাপন কৰিছে পৰম্পৰাগত ঔষধৰ প্ৰথমটো বিশ্ব কেন্দ্ৰ।

আগন্তক সময়ত পৰম্পৰাগত চিকিৎসা প্ৰণালীৰ ক্ষেত্ৰত ভাৰতে বিশ্বক নেতৃত্ব দিব আমি গভীৰ আশাবাদী।” তদুপৰি সোণোৱালে কয়, “যোৱা ২৩ অক্টোবৰত আয়ুষ মন্ত্ৰালয়ৰ উদ্যোগত আৰু আন আন মন্ত্ৰালয়বোৰৰ সহযোগত দেশজুৰি অনুষ্ঠিত হৈছে ‘আয়ুৰ্বেদ দিৱস’। ‘হৰ দিন, হৰ ঘৰ আয়ুৰ্বেদ’ৰ মূলমন্ত্ৰেৰে উদযাপিত এইবাৰৰ ‘আয়ুৰ্বেদ দিৱস’ৰ বিভিন্ন কাৰ্যসূচীত জনসাধাৰণে স্বতঃস্ফূৰ্ত আৰু সক্ৰিয় অংশগ্ৰহণ কৰাটো খুবেই আনন্দৰ বতৰা। আয়ুৰ্বেদৰ প্ৰসাৰৰ বাবে জন সম্বাদ, জন ভাগীদাৰী, জন আন্দোলন, জন আৰোগ্য- এই লক্ষ্যৰে আমি নিৰৱচ্ছিন্ন প্ৰচেষ্টা গ্ৰহণ কৰি আহিছোঁ। এতিয়া আয়ুষ খণ্ডত চিকিৎসক, গৱেষক, শিক্ষাৰ্থীৰ সংখ্যা আৰু সংস্থাপন বৃদ্ধি হৈছে। এখন সুস্থ-সবল ভাৰত গঢ়াৰ বাবে আমি আধুনিক চিকিৎসা পদ্ধতিৰ সমান্তৰালভাৱে পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ গুণগত প্ৰসাৰৰ দিশতো একত্ৰিত প্ৰচেষ্টাৰে কাম কৰি যাব লাগিব।” আয়ুৰ্বেদৰ সুফল আৰু সম্ভাৱনা সম্পৰ্কে সজাগতা বৃদ্ধি কৰিবলৈ উপস্থিত সকলোকে তেখেতে আহ্বান জনায়।

Leave A Reply