Breaking

পিছুৱালে অস্কাৰ অনুষ্ঠান ।

0 544

দৈনন্দিন বাৰ্তা প্ৰতিবেদন:

ক’ৰোনা সংক্ৰমণৰ আতংকই পৃথিৱীৰ আন ক্ষেত্ৰৰ লগতে ছবি জগতকো স্পৰ্শ কৰিছিল৷ অৱশেষত ছবি জগতৰ সৰ্বোচ্চ স্বীকৃতি প্ৰদান অনুষ্ঠানতো পৰিল ক’ৰোনা আতংক৷ এই অস্কাৰ অনুষ্ঠান আয়োজন কৰাৰ কথা আছিল ২০২১ চনৰ ফেব্ৰুৱাৰীত৷ কিন্তু ক’ৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দিন সলনি কৰি স্থিৰ কৰিলে ২৫ এপ্ৰিল৷ ৯৩তম অস্কাৰ অনুষ্ঠান আঠ সপ্তাহ পিছুৱাই দিয়া হ’ল৷ উল্লেখ্য যে অস্কাৰ ইতিহাসত এনে ঘটনা এয়ে প্ৰথম নহয়৷ এইবাৰকে লৈ এই অনুষ্ঠান চতুৰ্থবাৰলৈ পিছুৱালে৷ ১৫ জুনত এই কথা ঘোষণা কৰে দ্য অকাডেমী অব ম’ছন পিকচাৰ আৰ্টছ এণ্ড ছায়েন্সছ আৰু এবিচি টেলিভিচ নেটৱৰ্কে৷

Leave A Reply