Breaking

বদ্রীপ্রসাদৰ অবৈধ প্রেমিকা কনিষ্টবল সৰস্বতী হাছনুক গ্রেপ্তাৰ

0 2,122

অসম আৰক্ষীৰ ভিতৰচ’ৰাক জোকাৰি যোৱা চোৰাং সোণ সৰবৰাহ কাণ্ডই এইবাৰ নতুন মোৰ লৈছে৷ এই কু–কার্যৰে জড়িত থকাৰ অভিযোগত ধৃত জি আৰ পিৰ উপ–পৰিদর্শক বদ্রীপ্রসাদ বাৰোৱাটীৰ ঘনিষ্ঠ সহযোগী তথা অবৈধ প্রেমিকা সৰস্বতী হাছনুক মহানগৰ আৰক্ষীয়ে কালি নিশা ডিফুৰ পৰা গ্রেপ্তাৰ কৰিছে৷ সোণৰ চোৰাং সৰবৰাহ কৰিবলৈ বদ্রীপ্রসাদে একাংশ ঘনিষ্ঠ কনিষ্টবলৰ লগতে মহিলা কনিষ্টবলকো ব্যৱহাৰ কৰাৰ তথ্য মহানগৰ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছিল৷ এই তথ্যৰ ভিত্তিতে মহানগৰ আৰক্ষীৰ এটা দলে অভিযান চলাই ডিফুৰ পুলিচ ৰিজার্ভত কর্মৰত মহিলা আৰক্ষী কনিষ্টবল সৰস্বতী হাছনুক গ্রেপ্তাৰ কৰে৷

আৰক্ষীৰ এক শীর্ষ সূত্রই সদৰী কৰা তথ্য অনুসৰি কার্বি আংলঙত কর্মৰত থকাৰ সময়তে বহু বিতর্কিত আৰক্ষী বিষয়া বদ্রীপ্রসাদে মহিলা আৰক্ষী কনিষ্টবল সৰস্বতী হাছনুৰ সৈতে মধুৰ সম্পর্ক গঢ়ি তুলিছিল৷ বদ্রীপ্রসাদৰ সৈতে থকা ঘনিষ্ঠতাৰ বাবেই সোণৰ চোৰাং সৰবৰাহত মহিলা আৰক্ষী কনিষ্টবল সৰস্বতীক ব্যৱহাৰ কৰিছিল৷ কার্বি আংলঙত কার্যনির্বাহ কৰি থকাৰ সময়ত সোণৰ চোৰাং ছিণ্ডিকেট চক্রৰ পৰা বদ্রীপ্রসাদে লাভ কৰা সোণ আৰু টকা সৰস্বতীৰ হাততেই জমা ৰাখিছিল৷ ছিণ্ডিকেট চক্রৰ পৰা বদ্রীপ্রসাদে লাভ কৰা ধনেৰে সৰস্বতীক ডিফুৰ হৰিলাল বস্তিত এটা দুমহলীয়া অট্টালিকা নির্মাণ কৰি দিছিল৷ কার্বি আংলঙৰ পৰা বদলি হৈ অহাৰ পাছতো বদ্রীপ্রসাদে প্রায়েই ডিফুলৈ অহা–যোৱা কৰাৰ লগতে হৰিলাল বস্তিৰ সৰস্বতীৰ বাসগৃহত নিশা কটাইছিল৷

সোণৰ চোৰাং সৰবৰাহকাৰী চক্র, চুপাৰি ছিণ্ডিকেট চক্রৰ পৰা প্রতিমাহে লাভ কৰা কমিছন বদ্রীপ্রসাদৰ হৈ সৰস্বতীয়ে সংগ্রহ কৰি আহিছিল৷ ইয়াৰ উপৰি বদ্রীপ্রসাদে সৰস্বতীৰ বাসগৃহতে জমা ৰাখিছিল চোৰাং সোণ৷ কেইবাগৰাকীও উচ্চপদস্থ আৰক্ষী বিষয়াৰ ছত্রছায়াত মহাপ্রতাপী হৈ উঠা বদ্রীপ্রসাদে মহিলা আৰক্ষী কনিষ্টবল সৰস্বতীৰ লগতে কেইবাগৰাকীও ঘনিষ্ঠ কনিষ্টবলক ব্যৱহাৰ কৰিছিল সোণৰ চোৰাং সৰবৰাহকাৰী চক্রৰ পৰা ধন সংগ্রহৰ বাবে৷ ছিণ্ডিকেট চক্রৰ পৰা লাভ কৰা ধন জি আৰ পিৰ কেইবাগৰাকীও কনিষ্টবলৰ বেংক একাউণ্টৰ জৰিয়তে বদ্রীপ্রসাদে সংগ্রহ কৰি আহিছিল৷

ইতিমধ্যে মহানগৰ আৰক্ষীয়ে এইকেইজন কনিষ্টবলৰ পৰা ভাৰতীয় দণ্ডবিধিৰ ১৬৪ ধাৰাৰ অধীনত জবানবন্দী গ্রহণ কৰিছে৷ বদ্রীপ্রসাদে চুপাৰি মাফিয়া আব্দুল হান্নান ওৰফে বাবলুৰ পৰাও মোটা অংকৰ ধন আদায় লৈ ৰে’লেৰে বহিঃৰাজ্যলৈ চুপাৰি সৰবৰাহ কৰিছিল৷ আৰক্ষীৰ তদন্তত বদ্রীপ্রসাদ, চুপাৰি মাফিয়া বাবলুৰ সু–সম্পর্কৰ তথ্য পোহৰলৈ আহিছে৷ মহানগৰ আৰক্ষীৰ এটা দলে চুপাৰি মাফিয়া বাবলুৰ গোলাঘাটৰ বাসগৃহত অভিযান চলাইছিল৷ তদুপৰি বাবলুৰ ঘনিষ্ঠ সহযোগী নয়নজ্যোতি শর্মাক আটক কৰি সোধা–পোছা কৰিছিল৷ ইফালে মহানগৰ আৰক্ষীৰ এটা দলে কালি নিশা ডিফুৰ হৰিলাল বস্তিৰ সৰস্বতীৰ বাসগৃহত অভিযান চলাই ধন–সোণ আৰু বহু নথি–পত্র জব্দ কৰিবলৈ সক্ষম হয়৷ তদন্তৰ খাটিৰত আৰক্ষীয়ে এই তথ্য ৰাজহুৱা কৰা নাই যদিও সোণৰ চোৰাং সৰবৰাহকাৰী চক্রৰ সৈতে থকা বদ্রী–সৰস্বতীৰ সম্পর্ক সন্দর্ভত বহু তথ্য লাভ কৰিছে৷

Leave A Reply